দৰংঃ ছিপাঝাৰৰ দেবানন্দ চকত শনিবাৰে অসম গণপৰিষদৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ বাবে উপস্থিত হয়। অসম আন্দোলনত ৮৫৫ জনশ্বহীদ হোৱা আৰু ছিপাঝাৰৰ পৰা ১৬ জন যুৱক শ্বহীদ হৈ জাতীয়তাবাদৰ ধাৰা অক্ষুন্ন ৰখা বুলি উল্লেখ কৰি ছিপাঝাৰৰ হাজৰিকাপাৰাত অসম গণ পৰিষদৰ দেবানন্দ আৰু হাজৰিকাপাৰা আঞ্চলিকৰ উদ্যোগত অনুস্থিত নিৰ্বাচনী সভাৰ চমু ভাষনত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ আইনত পৰিণত হ’লে বিজেপিৰ লগত মিত্ৰতা ভংগ হব বুলি " পুৰণি ভাষণেই ৰাখিলে মহন্তই৷

আনহাতে, বিজেপি চৰকাৰৰ দিনত হোৱা মুল্যবৃদ্ধি আৰু নিবনুৱা সমস্যাৰ ওপৰত বিশেষকৈ সমালোচনা কৰে৷ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত উপস্থিত থকা সভাখনত উপস্থিত থাকে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, প্ৰাক্তন বিধায়ক হীৰেন দাস তথা জিলা পৰ্যায়ৰ কেইবাগৰাকী নেতা৷