
কোকৰাঝাৰঃ ৰাজ্যৰ বিভিন্ন ঠাইত মহিলা, যুৱতীৰ ওপৰত নিৰ্যাতনৰ ঘটনা বৃদ্ধি পোৱাৰ সময়তে এইবাৰ কোকৰাঝাৰত নিৰ্যাতনৰ বলি হৈছে এগৰাকী স্কুলীয়া ছাত্ৰী ৷ কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম থানাৰ অন্তৰ্গত চিথিলা এম ভি স্কুলৰ এগৰাকী স্কুলীয়া ছাত্ৰীক বিদ্যালয়খনৰে চকীদাৰ জোনাব আলীয়ে নিৰ্যাতন কৰা ঘটনাক লৈ আজি উত্তাল হৈ পৰে চিথিলা।
প্ৰাপ্ত অভিযোগ অনুসৰি চিথিলা এমভি স্কুলত অধ্যয়নৰত এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰীক চকীদাৰ জোনাব আলীয়ে কালি বলপূৰ্বক ধৰ্ষণৰ চেষ্টা চলাইছিল৷ পিছত নিৰ্যাতনৰ কথাটো ৰাজহুৱা হোৱাত আজি স্থানীয় ৰাইজৰ সহযোগত চিথিলা আঞ্চলিক বেংগলী যুৱ ছাত্ৰ পৰিষদ আৰু বিটিচি বেংগলী ফেডাৰেছনে জোনাব আলীক কঠোৰ শাস্তিৰ দাবীত চিথিলাত এক প্ৰতিবাদী শোভাযাত্ৰা উলিয়ায়৷
প্ৰতিবাদকাৰীসকলে চিথিলা অঞ্চলৰ চৌদিশে প্ৰতিবাদী শোভাযাত্ৰা বাহিৰ কৰি চকীদাৰ জোনাব আলীক কঠোৰ শাস্তি দিয়ক, চকীদাৰ জোনাব আলীক চাকৰিৰ পৰা বৰ্খাস্ত কৰক, নাৰীৰ সুৰক্ষা নিশ্চিত কৰক আদি বিভিন্ন শ্লোগান দি চিথিলাৰ আকাশ বতাহ মুখৰিত কৰি তোলে৷ ইপিনে প্ৰতিবাদকাৰীসকলে চিথিলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ইমৰাণ আলীকো কৰ্তব্যত অৱহেলা কৰাৰ অভিযোগ তুলি বৰ্খাস্তৰ দাবী উত্থাপন কৰিছে।
উল্লেখ্য যে কালিও স্থানীয় জনতা আৰু বেংগলী যুৱ ছাত্ৰ পৰিষদে ঘটনাটোৰ প্ৰতিবাদ জনাই চিথিলা আৰক্ষী চকী ঘেৰাও কৰাৰ লগতে ৰাজপথত টায়াৰ জ্বলাই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল৷ প্ৰতিবাদকাৰীসকলে যুৱতী,মহিলাসকলৰ নিৰাপত্তা সুনিশ্চিত কৰক, জোনাব আলীক অতি শীঘ্ৰে আটক কৰক আদি বিভিন্ন শ্লোগান দি পৰিস্থিতি উত্তপ্ত কৰাত অৱশেষত আৰক্ষীয়ে যোৱা নিশাই জোনাব আলীক আটক কৰিছিল আৰু আজি আৰক্ষীয়ে অভিযুক্ত জোনাব আলীক জেল হাজোতলৈ প্ৰেৰণ কৰে।