08
Jan
2019

শিৱসাগৰঃ সমগ্র ৰাজ্যৰ লগতে শিৱসাগৰ জিলাতো বন্ধৰ প্রভাৱ সৰ্বাত্মক ৰূপত পৰা দেখাগৈছে। পুৱাৰেপৰা টায়াৰ জ্বলাই প্রতিবাদ কৰিছে বিভিন্ন দল-সংগঠনে।
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে ডেকা-বুঢ়া সকলোৱে একত্রিত হৈ এই প্রতিবাদ সাব্যস্ত কৰিছে। বি জে পি চৰকাৰ মূৰ্দাবাদ সৰ্বানন্দ সোণোৱাল হায় হায়, বংলাদেশী গ' বেক আদি ধ্বনিৰে ৰাজপথ উত্তাল কৰে প্রতিবাদকাৰীসকলে।