
শিৱসাগৰঃ ২০ জানুৱাৰী তাৰিখে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ডাঃ সুব্ৰমণি আয়াৰ লক্ষ্মণনে শিৱসাগৰ জিলাৰ নতুন উপায়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছে৷
কাৰ্যভাৰ গ্ৰহণ কৰি নতুন উপায়ুক্তজনে জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলৰ লগত জিলাখনত ৰূপায়ন হৈ থকা বিভিন্ন আঁচনি আৰু প্ৰকল্প আদিৰ অগ্ৰগতি, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী, আধাৰ, সোণোৱাল-কছাৰী আৰু মিচিং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন আৰু গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতিৰ বিষয়ে বিষদভাৱে বুজ লয়। তেওঁ উপায়ুক্ত কাৰ্যালয়ৰ বিভিন্ন শাখা পৰিদৰ্শন কৰাৰ লগতে সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীসকলৰ লগত চিনাকি হয় আৰু শাখাসমূহৰ কাম-কাজ সম্পৰ্কে মত-বিনিময় কৰে৷
চিকিৎসা বিজ্ঞানৰ স্নাতক ডাঃ লক্ষ্মণনে ইয়াৰ পূৰ্বে শদিয়াৰ মহকুমাধিপতি, তিনিচুকীয়াৰ অতিৰিক্ত উপায়ুক্ত, গুৱাহাটী উন্নয়ণ বিভাগৰ উপ-সচিব, স্বাস্থ্য বিভাগৰ যুটীয়া সচিব, হোজাইৰ উপায়ুক্ত আৰু শেহতীয়াকৈ কাছাৰৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷