24
Feb
2019
♦ কৈছিল, বি জে পি ‘নকৰা’ মুছলমানৰ গাত আছে গাহৰিৰ তেজ

শিৱসাগৰঃ যোৱা ২৩ ফেব্ৰুৱাৰীত শিৱসাগৰত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি শিৱসাগৰৰে টৌফিক উদ্দিনে নামৰ এজন বি জে পি পালি নেতাই বি জে পিক সমৰ্থন নকৰা মুছলমান লোকসকলৰ শৰীৰত গাহৰিৰ তেজ আছে বুলি এক বিতৰ্কিত মন্তব্য কৰিছিল। যাৰ বাবে শিৱসাগৰৰ বহুত দল-সংগঠনে টৌফিকৰ বিৰুদ্ধে শিৱসাগৰ সদৰ আৰক্ষী চকীত গোচৰ ৰুজু কৰে৷
টৌফিকে নিজকে অইন আৰু ৰাইজৰ পৰা বচাবলৈ অৱশেষত নাটকীয়ভাৱে ক্ষমা বিচাৰে৷ টৌফিকে জানিব দিয়ে যে তেওঁ ৰাইজৰ বাবে কাম কৰিবলৈ বিচাৰে আৰু উক্ত অনুস্থানটোত স্থানীয় ৰাইজ উপস্থিত নথকাৰ বাবে তেওঁ এনে মন্তব্য কৰিছিল।
বৰ্তমানলৈকে স্থানীয় ৰাইজে টৌফিকৰ বিতৰ্কিত মন্তব্য সহজভাৱে ল’ব পৰা নাই।