
শিৱসাগৰঃ এয়া ৰূঢ় বাস্তৱ যে ৰোগীৰ ৰোগ আৰোগ্যৰ বাবে প্ৰয়োজন ধন।
শিৱসাগৰৰ পুৰণা চ'ক বজাৰ ৰোডৰ নিবাসী মাণিক আলি (৫৫) জটিল ৰোগত ভুগি আছে। পৰিয়ালৰ লোকে তেওঁৰ চিকিৎসা কেইবা বছৰ ধৰি কৰাই আছে যদিও তেওঁ আৰোগ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই।
মাণিক আলিৰ পত্নী ছফিকা বেগমে জনোৱা মতে মাণিক আলি সুস্থ হৈ থকা অৱস্থাত অলিয়ে ঘৰখন পুহ-পাল দি আছিল। মূল মানুহজনৰ অসুখৰ পাছত বৰ্তমান ঘৰখনত উপাৰ্জন কৰিবলৈ কোনো নাই। যাৰ বাবে পৰিয়ালটোৱে ঘৰৰ সামগ্ৰী বিক্ৰী কৰি জীয়াই থাকিব লগা হৈছে।
মাণিক আলিৰ প্ৰাথমিক চিকিৎসা শিৱসাগৰৰ অসামৰিক চিকিৎসালয়ত আৰম্ভ কৰিছিল যদিও কোনো ধৰণৰ আৰোগ্য নোহোৱাৰ বাবে উন্নত চিকিৎসাৰ বাবে শিৱসাগৰৰ চিকিৎসকে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱাৰ পাছত পৰিয়ালৰ লোকে জনিব পাৰে যে মাণিকৰ প্ৰস্ৰাৱ ৰখা ব্লাডাৰ কিছু পৰিমাণে বিকল হৈ পৰিছে।
উন্নত চিকিৎসাৰ বাবে মহাবিদ্যালয়ৰ চিকিৎসকসকলে বহি ৰাজ্যলৈ যাবলৈ পৰামৰ্শ দিয়ে।
আৰ্থিক অৱস্থা শোচনীয় হোৱাৰ বাবে মাণিক আলিৰ সঠিক চিকিৎসা কৰাবলৈ সক্ষম হোৱা নাই পৰিয়ালৰ লোকে। সেয়ে মাণিকৰ পত্নীয়ে ৰাজ্য চৰকাৰক তথা ৰাইজক সহায়ৰ হাত আগবঢ়াবলৈ বিনম্ৰ অনুৰোধ জনাইছে।
স্বামীক শুশ্ৰুষা কৰিবৰ বাবে ছফিকাই কিছু দিন পূৰ্বে নিজৰ কাম এৰিবলগীয়া হৈছে। ৰাইজক সহায় কৰিবলৈ অনুৰোধ জনালে চফীকা বেগমে।
যোগাযোগ আৰু সহায় বাবে
Bank :- Allahabad Bank
Name:- Sofika Begum
Account number :- 50271032757
IFSC :- ALLA0210585
Branch:- Sivasagar (585)
Phone no:- 600199965