newsnextone.com |  শিৱসাগৰঃ এনআৰচিৰ খচৰা প্ৰকাশৰ পিছত ৰাজ্য যাতে কোনো অসুস্থ পৰিবেশৰ সৃষ্টি নহয় তাৰ বাবে সজাগতা সৃষ্টিৰ লক্ষ্যৰে ৰাজ্যৰ দল-সংগঠনে কাম কৰি থকা পৰিলক্ষিত হৈছে৷ সমানে ৰাজ্যৰ প্ৰশাসনেও অব্যাহত ৰাখিছে এই চেষ্টা৷

৩০ জুলাইত নাগৰীক পঞ্জী উন্নীতকৰণৰ খচৰা প্ৰকাশ পাব৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে এনআৰচিৰ খচৰা প্ৰকাশৰ কাম দ্ৰুত গতিত আগবাঢ়িছে শিৱসাগৰ জিলাত।

তাৰ মাজতে, শনিবাৰে শিৱসাগৰ জিলা প্ৰশাসনে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ চুকাফা সভাকক্ষত এখন বৈঠক অনুষ্ঠিত কৰে। জিলা আৰক্ষী অধীক্ষক, অতিৰিক্ত উপায়ুক্ত আৰু জিলাখনৰ চক্র বিষয়া, শিৱসাগৰৰ জেষ্ঠ নাগৰিক, জাতীয়-জনগোষ্ঠীয় সংগঠন, ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতিত এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পিছৰ পৰিস্থিতিৰ বাবে সকলো প্ৰকাৰ লোকৰ সহায় বিচাৰিলে প্ৰশাসনে। 

অহা ৩০ জুলাইত প্রকাশ পাবলগীয়ে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰাত নাম অন্তৰ্ভুক্ত নোহোৱা আবেদনকাৰীসকলে নাম অন্তৰ্ভুক্তিৰ বাবে পুনৰ আবেদন জনোৱাৰ সম্পূৰ্ণ সুবিধা পাব বুলি কয় শিৱসাগৰ জিলা উপায়ুক্তই।

অযোগ্য ব্যক্তিৰ নাম খচৰাত সন্নিবিষ্ট হৈ থাকিলে তাৰ বিৰুদ্ধে আপত্তি দাখিল কৰাৰ উপৰিও খচৰাত অন্তভূৰ্ক্ত কোনো লোকৰ নামৰ বানান, বয়স, ঠিকনা আদি ভুলকৈ প্ৰকাশ পালে সংশোধনৰ বাবেও ব্যৱস্থা থকাৰ কথা বুলি কয় জিলা উপায়ুক্তই ৷ 

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সম্পূৰ্ণ খচৰাৰ ক্ষেত্রত আবেদন, আপত্তি অাৰু সংশোধনৰ বাবে নিৰ্দ্ধাৰিত প্ৰ-পত্রসমূহ অহা ৭ আগষ্টৰ পৰা সকলো এআৰচি সেৱা কেন্দ্ৰ আৰু এন. আৰ. চি.ৰ ৱেবচাইট www.nrcassam.nic.inত উপলব্ধ হ'ব আৰু এই প্ৰ-পত্রসমূহ অহা ৩০ আগষ্টৰ পৰা ২৮ চেপ্তেম্বৰলৈ সংশ্লিষ্ট এনআৰচি সেৱা কেন্দ্ৰত গ্রহণ কৰা হ'ব বুলি কয় ৷ 

বৈঠকত জিলাখনৰ জ্যেষ্ঠ নাগৰিক, বিভিন্ন দল-সংগঠনৰ লগতে সাংবাদিক সকলেও বিভিন্ন মতামত আগবঢ়ায় ৷ জিলা উপায়ুক্তই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সন্দর্ভত আবেদন, আপত্তি আৰু সংশোধনৰ প্ৰক্ৰিয়াৰ বিষয়ে ৰাইজৰ মাজত প্ৰশাসনে আৰু অধিক প্ৰচাৰ চলাব বুলি দোহৰাৰ লগতে সকলো ৰাইজৰ মাজলৈ এই তথ্য সমূহ লৈ যাবলৈ আহবান জনায় ৷

জিলা উপায়ুক্তৰ লগতে জিলা আৰক্ষী অধীক্ষকেও প্ৰশাসনে নিৰাপত্তাৰ দিশবোৰ সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি থকাৰ লগতে পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থা গ্রহণ কৰাৰ কথা জানিবলৈ দিয়ে ৷ অপ্রীতিকৰ পৰিস্থিতিৰ সম্ভেদ পালে ততালিকে আৰক্ষীক অৱগত কৰিবলৈ সকলোকে আহ্বান জনায় ৷ জিলা উপায়ুক্তই জিলাবাসীৰ সুবিধাৰ্থে 03772-222142, 03772-222801, 9435500597 ফোন নম্বৰ মুকলি কৰে।