19
Oct
2017

দিচাংমুখঃ উজনি-নামনিৰ লগতে শিৱসাগৰতো ৰাইজে ব্যাপক উলাহ-মালহেৰে উদযাপন কৰিছে পোহৰৰ উৎসৱ দীপাৱলী৷ উচ্চ-নীচ ভেদাভেদ পাহৰি হেঁপাহৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৰু-ডাঙৰ লোকসকলৰ মাজত পালন কৰি আহিছে এই উৎসৱ৷ পোহৰৰ উৎসৱ দীপাৱলীক ৰাজ্যৰ আন ঠাইৰ লগতে শিৱসাগৰ জিলাটো ব্যাপক উৎসাহ-উদ্দীপনাৰ পালন কৰা দেখা যায়৷
জিলাখনৰ সকলো গ্ৰামাঞ্চলৰ লগতে শিৱসাগৰ চহৰটো বৃহস্পতিবাৰে দেৱালীক কেন্দ্ৰ কৰি উৎসৱমুখৰ পৰিবেশ সৃষ্টি হয়৷ অৱশ্যে একাংশ অসাধু ব্যৱসায়ীয়ে মইমতালিৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম অভাৱনীয় ভাবে বৃদ্ধি কৰাত কিছু পৰিমাণে দীপান্বিতাৰ আনন্দ-উল্লাসত ম্লান পৰে৷ তথাপিও তেনে সমস্যাৰ কথা ক্ষণিকৰ বাবে পাহৰি দেৱালীৰ ৰীতি-পৰম্পৰা বেছ ৰং-ৰহইচৰ মাজেৰেই ৰক্ষা কৰা পৰিলক্ষিত হয়৷ জনসাধাৰণৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে শিৱসাগৰত বহু ঠাইত আৰক্ষী নিয়োগ কৰা পৰিলক্ষিত হৈছে৷