
শিৱসাগৰঃ শিৱসাগৰৰ ঐতিহাসিক ঢুলীয়াগাঁও অঞ্চলৰ স্বেচ্ছাসেৱী অনুষ্ঠান চক্ৰপানি সংঘৰ উদ্যোগত ৪৩৭নং ঢুলীয়াগাঁও প্ৰাথমিক বিদ্যালয়ৰ সহযোগত ৭১ সংখ্যক স্বাধীনতা দিৱস উপলক্ষ্যে চিত্ৰাংকন আৰু জিলা ভিত্তিত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ চিত্ৰাংকন আৰু জিলা ভিত্তিত কুইজ প্ৰতিযোগিতা উদ্ধোধন কৰে শিৱসাগৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত গ্ৰন্থাগাৰিক দেৱ হাজৰিকা।
প্ৰতিযোগিতা উদ্ধোধন কৰি হাজৰিকাই প্ৰতিভাময়ী চিত্ৰ শিল্পী কেতিয়াও লোভী নহয় বুলি কোৱাৰ লগতে কিতাপৰ লগত বন্ধু কৰিলে জ্ঞান বৃদ্ধি হয় বুলি মন্তব্য কৰে। চক্ৰপানি সংঘৰ বাৰ্ষিক কাৰ্যসূচীৰ লগত সংগতি ৰাখি অনুষ্ঠিত কাৰ্যসুচীৰ পুৱা পতাকা উত্তোলন কৰে জ্যেষ্ঠ নাগৰিক থানেশ্বৰ বৰাই।
উত্তম শইকীয়া আৰু পৰিক্ষীত বৰাই আঁতধৰা অনুষ্ঠানটোত সম্বর্ধনা জনায় শিৱসাগৰ বানিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ কাৰ্তিক চন্দ্ৰ দত্তক। বিয়লি বঁটা বিতৰনী অনুষ্ঠানৰ পাছতেই সন্ধ্যাৰ ৫ বজাত পানবেচাৰ সঞ্জীয়নী যোগ আৰু স্বাস্থ্য কেন্দ্ৰৰ খেলুৱৈ সকলে যোগ প্ৰদৰ্শন কৰে। ইয়াৰ পাছতেই স্থানীয় ছাত্ৰ-ছাত্ৰীৰ অভিনয়ৰে প্ৰাণজিৎ শইকীয়াৰ পৰিচালনাৰ "অনুপম জীৱন" আৰু সীমান্ত দত্তৰ পৰিচালনাৰ "স্নেহ বন্ধন" একাংকিকা নাট প্ৰদৰ্শনেৰে সকলোকে আল্পুত কৰে।