বেতবাৰীঃ দেশপ্ৰেম, সাহস, পৰিশ্ৰম, বুদ্ধি, সততা, কৰ্মনিষ্ঠাৰ প্ৰতীক লাচিত বৰফুকনক শিৱসাগৰ জিলাৰ কালিপ্ৰসাদ ভৱনত শ্ৰদ্ধাঞ্জলি যাচে ৰাইজে৷ বীৰ লাচিত সেনাৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত লাচিত দিৱস উদযাপন কৰা হয়। পতাকা উত্তোলন, প্ৰতিবাদী যাত্ৰা, সংকল্প গ্ৰহণ, মুকলি সভা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়৷ "জাতিৰ এনে অস্তিত্ব সংকটৰ সন্ধিক্ষণত খিলঞ্জীয়া জনগণে লাচিতৰ আদৰ্শলৈ কেনেদৰে আগুৱাব" শীৰ্ষক এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়।

আলোচনা চক্ৰত আলফা নেতা জিতেন দত্ত, উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমণ্যু হাজৰিকা, ৰাষ্ট্ৰ সংঘৰ স্থায়ী সামাজিক প্ৰতিনিধি (উত্তৰ পূৰ্বৰ পৰা মনোনীত প্ৰতিনিধি) পংকজ জ্যোতি হাজৰিকা, বীৰ লাচিত সেনাৰ মুখ্য সাচিব ৰন্টু পানী ফুকন, বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সভাপতি কবীন্দ্ৰ চেতিয়া ফুকন, মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱাকে প্ৰমুখ্য কৰি গণ্য মান্য লোক উপস্থিত থাকে।

মহাবীৰ লাচিত দিৱস উপলক্ষ্যে টাই আহোম যুৱ পৰিষদ-অসমৰ শিৱসাগৰ জিলা সমিতিৰ অন্তৰ্গত ৰংপুৰ, নামতি, নাজিৰা, পিয়লীফুকন, হাটীপতি, ফুলপানীচিগা, আমগুৰি,  জোকতলি আঞ্চলিক সমিতিয়ে পৃথকে পৃথকে বন্তি প্ৰজ্বলনেৰে মহাবীৰ জনলৈ শ্ৰদ্ধাঞ্জলি নিৱেদন কৰে। ৰংঘৰৰ বাকৰিত ভাৰতীয় পূৰাতত্ব জৰীপ বিভাগে বিশ্ব ঐতিহ্য সপ্তাহ উপলক্ষ্যে আয়োজন কৰে বিশেষ অনুষ্ঠানৰ। শিৱসাগৰৰ মাজ মজিয়াৰ লাচিত উদ্যানতো সদৌ টাই আহোম ছাত্ৰ সন্থাৰ শিৱসাগৰ মহকুমা সমিতিৰ উদ্যোগত লাচিত দিৱসৰ সৈতে সংগতি ৰাখি স্মৃতি দিৱসৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। অনুষ্ঠানটোত উপস্থিত আছিল আটাছুৰ মুখ্য উপদেষ্টা অশ্বিনী চেতিয়া, বিশিষ্ট মঞ্জিৎ মহন্ত, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নেতা-কৰ্মী উপস্থিত থাকে৷