বেতবাৰীঃ চাওলুং চ্যুকাফাৰ নামেৰে নামকৰণ হ'ব শিৱসাগৰৰ ডিমৌ দিচাং ৰজাবাৰীত স্থাপন হ'ব লগা অ’ এন জি চিৰ মাল্টিস্পেচিয়েলিটী হাস্পতালখন। আজি এই ঘোষণা কৰে কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে।

হাস্পতালখনৰ আধাৰশিলা মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰি বৰ অসম গঢ়োঁতা, অসমীয়া জাতিৰ পিতৃপুৰুষ স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ নামেৰে নামকৰণ কৰিবলৈ পাই গৌৰৱান্বিত বোধ কৰা বুলিও মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, ভূমিপূজন অনুষ্ঠানেৰে অনুষ্ঠানৰ সমগ্র কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। প্ৰস্তাৱিত হাস্পতালখনৰ আধাৰশিলা উন্মোচন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে অনুষ্ঠানটোত উপস্থিত থাকে কেন্দ্ৰীয় পেট্ৰলিয়াম দপ্তৰৰ সচিব, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ কামাখ্যাপ্ৰসাদ তাছা, ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলীকে আদি কৰি কেবাগৰাকী বিশিষ্ট লোকে।

অনুষ্ঠানটোত শিৱসাগৰ জিলাৰ উপায়ুক্ত নাৰায়ণ কোঁৱৰ, থাওৰা বিধানসভা সমষ্টিৰ বিধায়ক কুশল দুৱৰী, সোণাৰি বিধানসভা সমষ্টিৰ বিধায়ক তপন কুমাৰ গগৈ, মাহমৰা বিধানসভা সমষ্টিৰ বিধায়ক যোগেন মহন, বিজেপিৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি ভৱেন মহন, শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক সুবোধ সোণোৱাল আৰু অ’ এন জি চিকে ধৰি আই অ’ চি, বি চি পি এল আদি প্ৰতিষ্ঠানৰ উচ্চপদস্থ বিষয়াসকলেও উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰে।

উল্লেখ্য যে বিগত সময়ত শিৱসাগৰৰ বিভিন্ন দল-সংগঠনে জিলাখনত এখন উচ্চ প্ৰযুক্তিসম্পন্ন অত্যাধুনিক চিকিৎসালয় স্থাপনৰ বাবে দাবী উত্থাপন কৰি আহিছিল। অ’ এন জি চিৰ অৰ্থিক অনুদানৰ দ্বাৰা প্ৰতিষ্ঠা হ’ব লগা আজি অনুষ্ঠিত আধাৰশিলা উন্মোচনৰ বিশাল সভাই স্বাভাৱিকতে শিৱসাগৰবাসীৰ মনত ব্যাপক উৎসাহ আৰু আশাৰ ৰেঙনি কঢ়িয়াই আনিছে।