শিমলুগুৰিঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত নদ-নদী বোৰৰ মথাউৰি ভাঙি বাঢ়নী পানীয়ে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে শিৱসাগৰ জিলাৰ অসম নগালেণ্ড সীমান্তৰ্ৱতী নাজিৰা গেলেকীত দুখনকৈ নৈ বাঢ়নী পানীয়ে মথাউৰি ভাঙি পেলোৱাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। 

বিগত চাৰিদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত নৈ দুখন ফেনেফোটোকাৰে বাঢ়ি মথাউৰি ভাঙি ১৫ খনৰো অধিক গাঁও পানীত বুৰ গৈ জলমগ্ন হৈ আছে। 

শ শ বাসগৃহ পানীত ডুব যোৱাৰ লগতে পশুধনৰো মৃত্যুমুখত পৰিছে। দৈ-খনা আৰু ডেনচি নৈ মথাউৰি ভাঙি যোৱাৰ ফলত শ শ কৃষিভূমিৰ কঠিয়াতলি পানীত বুৰ গৈ বিশাল সাগৰৰ দৰে হৈ পৰিছে। 

১৫ খনৰো অধিক গাঁৱৰ চহা কৃষক সকলে এতিয়া মুৰে কপালে হাত দিবলগীয়া হৈছে। বাঢ়নী পানীৰ ফলত যাতায়ত বিঘিন্ন হোৱাত বানাক্ৰান্ত ৰাইজে কলগছৰ ভূৰ বনাই যাতায়ত কৰিবলগীয়া হৈছে। 

ইফালে বানাক্ৰান্ত ৰাইজে প্ৰশাসনক বাৰম্বাৰ অৱগত কৰি থকাৰ পিছতো গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে ৰাইজে।

উল্লেখ্য যে চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ পৰা অৰ্হনিশে নৈ দুখনেদি বোকাপানী লগতে কয়লাৰ পৰা নিৰ্গত হোৱা বিষাক্ত ৰাসায়নিক দ্ৰব্য মিহলি হৈ বৈ আহি থকাত বৃহত্তৰ গেলেকী ৰাইজৰ অচিন ৰোগতো আক্ৰান্ত হৈ পৰিছে ।