শিৱসাগৰঃ আগন্তুক পঞ্চায়ত নিৰ্বাচনক লৈ প্ৰতিটো ৰাজনৈতিক দলেই ব্যাপক নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰখাৰ সময়তে শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিত দুজনকৈ প্ৰাৰ্থীৰ বিৰুদ্ধে গাওঁৰ ৰাইজ ক্ষোভিত হৈ উঠা কাৰ্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

সমষ্টিটোৰ নামতি আলি গাঁও পঞ্চায়তৰ অন্তৰ্গত নামতি লোনপুৰীয়া ন-খনা গাঁওখনৰ যাতায়াতৰ একমাত্ৰ সংযোগস্থল নামতি নদীৰ ওপৰত থকা দলংখন আজি এবছৰেও সম্পূৰ্ণ হৈ নুঠিল৷ পঞ্চায়তৰ প্ৰাৰ্থীক এশিকনি দিয়াৰ সংকল্প ক্ষোভিত ৰাইজৰ৷ উল্লেখ্য যে, লোনপুৰীয়া গাঁওত ২০১৭ বর্ষৰ এপ্ৰিল মাহতে আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই নামতি আলি গাঁও পঞ্চায়তৰ চতুৰ্দশ বিত্তীয় আয়োগৰ ৭ লাখ ৬৩ হাজাৰ টকাৰে নামতি নদীৰ দলঙৰ আধাৰশিলা নিৰ্মাণ কৰিছিল যদিও এবছৰে দলংখন সম্পূৰ্ণ হৈ নুঠাত উত্তেজিত হৈ পৰিছে স্থানীয় ৰাইজ।

জানিব পৰা মতে, নামতিআলি পঞ্চায়তৰ সেই সময়ৰ কংগ্ৰেছ সভানেত্ৰী জাহ্নবী বুঢ়াগোহাইয়ে চতুৰ্দশ বিত্তীয় আয়োগৰ টকাৰে আমগুৰি সমষ্টিৰ অগপ সমিতিৰ সভাপতি নিত্যা কলিতাক ঠিকাদাৰ হিচাপে নিয়োগ কৰি দলং নিৰ্মাণৰ দায়িত্ব দিছিল। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি নিত্যা কলিতাই দলংখন নিৰ্মাণত স্থানীয় একাংশ লোকক নিয়োগ কৰিছিল যদিও মূল্য নিদিলে শ্ৰমৰ৷ আনহাতে, দলঙৰ বাবে ব্যৱহৃত শিল, বালি, লোহাৰ পাইপ ৰাখিবৰ বাবে নিয়োজিত লোকক প্ৰতাৰণা কৰাৰ দলঙত ব্যৱহাৰ কৰিবলগীয়া বাঁহ ক্ৰয় কৰিবলৈ টকা নিদিয়ে৷

চতুৰ্দশ বিত্তীয় আয়োগৰ টকা গো-গ্ৰাসে গিলি শ্ৰমিকক ৰামঠগন দিয়াৰ পিছতো সম্প্ৰতি অগপ দলৰ হৈ পঞ্চায়ত সভাপতি পদৰ প্ৰাৰ্থী হিচাপে নিত্যানন্দ কলিতাই আৰু কংগ্ৰেছ দলৰ হৈ জাহ্নবী বুঢ়াগোহাইয়ে সভাপতি পদৰ প্ৰাৰ্থীত্ব আগবঢ়োৱা কাৰ্যক সহজভাৱে লব পৰা নাই স্থানীয় ৰাইজে। পকী দলং সম্পূৰ্ণ হৈ নুঠাত নামতিআলি গাঁওৰ ৰাইজে বাঁহৰ দলঙেৰে যাতায়াত অব্যাহত ৰাখিছে৷ ইতিমধ্যে দলংখনৰ পৰা পৰি কেইবাগৰাকীও স্কুলীয়া ছাত্ৰ-ছাত্ৰী আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা যায়৷

আনহাতে, লোণপুৰীয়া গাঁওখনৰ একমাত্ৰ পথটো যাতায়াতৰ বাবে সুগম নোহোৱাত জীয়াতু ভূগিবলগীয়া হৈছে গাঁওবাসীয়ে। দুবাৰকৈ কংগ্ৰেছ অধীনপ্ৰাপ্ত পঞ্চায়তখনৰ প্ৰতিনিধিৰ অকৰ্মণ্যতাৰ বাবে এলাগী হৈ ৰোৱা গাঁওখনলৈ অহা একমাত্ৰ দলংখনো সম্পূৰ্ণ হৈ নুঠাত ব্যতিব্যস্ত গাওঁবাসী। প্ৰশ্ন হয়, এই প্ৰাৰ্থীসকল নিৰ্বাচনত জয়ী হৈ ৰাইজৰ উন্নয়ণৰ হকে নিয়োজিত হ’বনে? সেইয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ’ব৷