newsnextone.com | দিখৌমুখঃ ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে শিৱসাগৰ জিলাৰ দিখৌমুখ জনজাতি হাইস্কুল খেলপথাৰত শনিবাৰে ৮৫৫গৰাকী শ্বহীদক সোঁৱৰি ৰাইজে বন্তি প্ৰজ্বলন কৰে৷ 

শিৱসাগৰ জিলাৰ দিখৌমুখ আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত শিৱসাগৰ জিলাৰ পশ্চিম প্রান্তৰ তেলিয়াডোংগা পুখুৰীপাৰত বহু লোক সমবেত হৈ শ্বহীদক স্মৰণ কৰি কেতিয়াও অসমত বিদেশীক সংস্থাপন কৰিব নিদিয়াৰ সংকল্প লয়৷

কাৰ্যসূচীত অংশ লোৱা লোকে জাতি ৰক্ষাৰ শ্ল’গান দি উত্তাল কৰি পৰিৱেশ৷ বিজেপি চৰকাৰ হায় হায়, সৰ্বানন্দ সোণোৱাল গ'বেক আদি ধ্বনিৰে কঁপি উঠিল আকাশ বতাহ৷ ইপিনে শিৱসাগৰ ঐতিহাসিক দিখৌমুখত হাতে হাতে জোঁৰলৈ বাংলাদেশী খেদাৰ বাবে একত্রিত হ'ল ৰাইজ৷ জনজাতি হাইস্কুল খেলপথাৰত আহ ঐ আহ ওলাই আহ ধ্বনি দি ৮৫৫ জন শ্বহীদৰ তেজৰ বিনিময়ত আজি অসমীয়া জাতিয়ে পৰিচয় দিব পাৰিছো বুলি কৈ পুনৰ বিদেশী নানিবলৈ চৰকাৰক সকীয়াই দিয়ে৷