শিৱসাগৰঃ যুৱ প্ৰজন্মৰ বাবে বৰবিহ স্বৰূপ অবৈধ সুৰাৰ বিৰুদ্ধে আন্দোলনত নামিল ছাত্ৰ সংগঠন৷ শিৱসাগৰৰ বিভিন্ন ঠাইৰ লগতে অসামৰিক চিকিৎসালয়ৰ সমীপত অবৈধ সুৰাৰ ঘাটি চলি থকাৰ অভিযোগ উত্থাপন কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জিলা উপায়ুক্তৰ কার্যালয় চৌহদত অৱস্থান ধর্মঘট কার্যসূচী ৰূপায়ণ কৰে৷

সংগঠনটোৰ নগৰ সমিতিৰ শতাধিক সদস্যই প্ৰতিবাদ সাব্যস্ত কৰি শিৱসাগৰ জিলা উপায়ুক্তক মদ ব্যৱসায়ীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়৷ চিকিৎসালয়খনৰ চৌপাশে থকা সকলো সুৰাৰ ঘাটি দহ দিনৰ ভিতৰত উচ্ছ‍েদ কৰাৰ দাবী জনায় সংগঠনটোৱে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ চৌপাশে সুৰাৰ ঘাটিত দিনে-নিশাই একাংশ লোকে সুৰাপান কৰাৰ ফলত অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰে ৷

জিলা আবকাৰী বিভাগ তথা আৰক্ষী প্ৰশাসনে সকলো দেখিও সুৰাৰ ঘাটি বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে৷  আনহাতে সংগঠনটোৱে জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে৷