
শিৱসাগৰঃ তলা বন্ধ কোঠাত দুই সন্তানৰ মাতৃ এগৰাকী বিবাহিতা মহিলাৰ অৰ্ধ গলিত মৃতদেহ উলংগ অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ শিৱসাগৰত।
প্ৰাপ্ত বাতৰি মতে, শিৱসাগৰৰ কেন্দ্ৰীয় বজাৰত সমীপৰ হামিদা বেগমৰ ভাৰাঘৰত তলাবন্ধ কোঠাত শনিবাৰে উদ্ধাৰ হয় মহিলাগৰাকীৰ উলংগ মৃতদেহ। দণ্ডাধীশ আৰু আৰক্ষীয়ে বন্ধ কোঠাৰ তলা ভাঙি চাৰিদিন পূৰ্বে মৃত্যু হোৱাৰ সন্দেহ কৰা মহিলাগৰাকী হৈছে চৰাইদেউ জিলাৰ মথুৰাপুৰ ভকত গাঁৱৰ সুৰেণ ৰাজকোঁৱৰৰ জীয়ৰী দীক্ষা ৰাজকুমাৰী৷
লাকুৱা মাউত গাঁও নিবাসী ৰাজীৱ বৰগোঁহাইৰ সৈতে ১২ বছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল দীক্ষা৷ বৰ্তমান গুৱাহাটী বেলতলা নিবাসী ৰাজীৱে দ্বিতীয় বিবাহ কৰাক কেন্দ্ৰ কৰি দীৰ্ঘ দিনে স্বামীৰে মতানৈক্য চলি আছিল দুই সন্তানৰ মাতৃ দীক্ষাৰ ৷
যাৰ বাবে মথুৰাপুৰৰ পৰা আহি ১৯ জুলাইত শিৱসাগৰত উপস্থিত হৈ দীক্ষা ৰাজকুমাৰীয়ে শিৱসাগৰৰ চাহিৰ আহমেদ নামৰ এয়াৰটেল বিতৰকগৰাকীৰ প্ৰতিষ্ঠানত কৰ্মত যোগদান কৰাৰ লগতে ভাৰাঘৰ লৈছিল হামিদা বেগমৰ বাসগৃহত ৷ ৰহস্যজনকভাৱে চাৰিদিন পূৰ্বৰ পৰা সন্ধানহীন হৈছিল দীক্ষা।
কিন্তু যোৱা নিশা দীক্ষা ৰাজকুমাৰী থকা কোঠাটোৰ পৰা উৎকট দুৰ্গন্ধ নিৰ্গত হোৱাত ভাৰাঘৰৰ মালিকে আৰক্ষীক খবৰ দিয়াত আৰক্ষী উপস্থিত হৈ কোঠাটোত মৃতদেহ থকা বিষয়টো নিশ্চিত কৰে৷ সেই অনুসৰিয়েই শনিবাৰে পুৱাৰ ভাগতে দণ্ডাধীশৰ সহযোগত শিৱসাগৰ আৰক্ষীয়ে অভিযান চলায়৷
তলা বন্ধ কোঠাটোৰ তলা ভাঙি আৰক্ষীৰ দল কোঠাৰ ভিতৰত প্ৰৱেশ কৰাত উদ্ধাৰ হয় দীক্ষা ৰাজকুমাৰীৰ মৃতদেহ। আনহাতে বন্ধ কোঠাৰ ভিতৰত সম্পূৰ্ণ উলংগ তথা হাত-ভৰি বন্ধা আৰু মুখত সোপা দিয়া অৱস্থাত দীক্ষা ৰাজকুমাৰীৰ মৃতদেহ উদ্ধাৰ হোৱা বিষয়টোত মহিলাগৰাকীক পৰিকল্পিতভাৱে ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ কৰা হৈছে।
পৰিকল্পিতভাবে দীক্ষাক হত্যা কৰি বাহিৰৰ পৰা কোঠাৰ তলা বন্ধ কৰি হত্যাকাৰী পলাই যোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। ইফালে স্বামী ৰাজীৱ বৰগোঁহাইয়ে দীক্ষাক হত্যা কৰিছে বুলি স্পষ্ট দাবী কৰিছে দীক্ষাৰ মাতৃয়ে৷ স্বামীৰ দ্বিতীয় বিবাহক কেন্দ্ৰ কৰি স্বামীৰে মতানৈক্য ঘটাৰ বাবেই এই লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত কৰা বুলি দাবী কৰে মাতৃয়ে৷
আনফালে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ চিনাক্ত কৰা দীক্ষাৰ স্বামী ৰাজীৱ আৰু ৰাজীৱৰ মাতৃৰ বিপৰীত ভাষ্যই দীক্ষাৰ হত্যাকাণ্ডত আন এক ৰহস্যজনক পৰিৱেশৰ সৃষ্টি কৰিছে ৷ ৰাজীৱৰ মাতৃয়ে এসপ্তাহ পূৰ্বে স্বামী গৃহলৈ দীক্ষা যোৱাৰ কথা স্বীকাৰ কৰাৰ বিপৰীতে স্বামী ৰাজীৱে এবাৰ চাৰিদিন পূৰ্বে, এবাৰ পোন্ধৰ দিন পূৰ্বে পত্নীৰ লগত যোগাযোগ হোৱা বুলি বিসংগতি পূৰ্ণ মন্তব্য আগবঢ়োৱা বিষয়টোৱে ৰহস্যঘন কৰি তুলিছে সমগ্ৰ ঘটনা৷
আৰক্ষীয়ে জনোৱা মতে কোঠাত উদ্ধাৰ হৈছে দুটা গিলাচ। অধিক তথ্যৰ বাবে ঘটনা সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিছে শিৱসাগৰ আৰক্ষীয়ে।