নগাঁওঃ নগাঁৱৰ পুৰণিগুদামৰ পানীগাঁৱৰ পহুকটাত দেওবাৰে পুৱা এটা নৰকংকাল উদ্ধাৰক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চ্যলৰ। এডৰা ডাঠ হাবিৰ মাজৰ পৰিত্যক্ত এখন গাহৰি ফাৰ্মত উদ্ধাৰ হৈছে নৰকংকালটো।

স্থানীয় ৰাইজে নৰকংকালটো প্ৰত্যক্ষ কৰি পুৰণিগুদাম আৰক্ষীক খৱৰ দিয়াৰ পাছতেই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নৰকংকালটো উদ্ধাৰ কৰাৰ লগতে নৰকংকালটোৰ কাষৰ পৰা এটা মোৱাইল হেণ্ডছেটো উদ্ধাৰ কৰে। 

আনুমানিক প্ৰায় এবছৰৰ পূৰ্বে অচিনাক্ত লোকজন ৰহস্যজনক কাৰণত মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে একাংশ প্ৰত্যক্ষদৰ্শীয়ে। ইফালে আৰক্ষীয়েও উদ্ধাৰ হোৱা নৰকংকালটোৰ লগতে ম'বাইলটো জিম্মাত লৈ অনুসন্ধান প্ৰক্ৰিয়া আৰম্ভ কৰিছে।