বোকাজানঃ বিলুপ্তপ্ৰায় প্ৰাণীক নিৰ্মমভাবে হত্যা কৰিলে দুই খৰিকটীয়াই। বোকাজান নগৰৰ শুকানজানত আজি পুৱাই জীৱ শ্ৰেষ্ঠ এচাম মানুহৰ হিংস্ৰতাৰ বলি হ’ল দুৰ্লভ প্ৰজাতিৰ এটি জহামাল৷ ঘন জংঘলৰ পৰা নগৰাঞ্চলত প্ৰবেশ কৰা বনৰীয়া জীৱটোক নগৰত খৰি বিক্ৰী কৰিবলৈ অহা দুজন লোকে খেদি খেদি খৰিৰে মৰিয়াই মাৰে৷

দুৰ্লভ প্ৰজাতিৰ নিষ্পাপ জীৱটোক এনেদৰে হত্যা কৰা দেখি স্থানীয়লোক উত্তেজিত হৈ পৰে আৰু খৰি বিক্ৰেতা দুজনক ধৰিবলৈ চেষ্টা কৰোতেই তেওঁলোক সুযোগ বুজি পলাই সাৰে ৷ উল্লেখ্য যে অসমত পোৱা কেইবাটাও জহামালকে ধৰি ধনেশৰ প্ৰজাতি, খাগৰি কটা শহা, গোধাফুটুকী বাঘ, উৰণীয়া কেৰ্কেটুৱা, গুঁই, হলৌ বান্দৰ আদি প্ৰজাতিবোৰ বিলুপ্তিৰ পথত আছে।