চাবুৱাঃ ছাত্ৰ-ছাত্ৰীসকলক স্বজন-তোষণ নীতিৰে সুহৃদ আঁচনিৰ জৰিয়তে বৈষম্যমূলক ভাৱে জলপানি দিয়াৰ পৰিৱৰ্তে মেধাভিত্তিত জলপানি প্ৰদানৰ দাবীত আজি গোলাঘাট জিলাৰ বোকাখাত মহকুমাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল ছাত্ৰ মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই। সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে প্ৰতিবাদী কাৰ্যসূচীৰ সামৰণি পৰাৰ পিছতে বিদ্যুৎ শইকীয়াই সংগঠনৰ এজন কৰ্মীৰ ঘৰত জিৰণি লৈ থকাৰ সময়ত কৃষি মন্ত্ৰী অতুল বৰাৰ নিৰ্দেশত অসম আৰক্ষীয়ে ১৪৪ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে বুলি সংগঠনটোৱে জানিবলৈ দিছে।

সংগঠনটোৱে  অতুল বৰাৰ এনে নিকৃষ্ট ৰাজনীতিক কঠোৰ গৰিহণা জনোৱাৰ লগতে অতি সোনকালেই বিদ্যুৎ শইকীয়াক মুক্তিৰ দাবী জনাই দুলীয়াজানত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজধানী এক্সপ্ৰেছ ৰেল অৱৰোধ কৰে।

কাইলৈ অসমৰ সকলো জিলা মহকুমা সদৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলিও জানিবলৈ দিছে সংগঠনটোৱে।