
গুৱাহাটীঃ বিয়াগোম বিদ্যুৎ বিভাগৰ গাফিলতিত ৰাজ্যত এতিয়ালৈ প্ৰাণ গ’ল প্ৰায় ৫০ গৰাকী লোকৰ৷ বানৰ ফলত ৰাজপথত জমা হোৱা পানী আৰু জংঘলত পৰি থকা ছিঙা তাঁৰে একপ্ৰকাৰ অৰ্ধ শতাধিক লোকক হত্যা কৰিছে৷
বিভাগটোৰ বিৰুদ্ধে ৰাজ্যজুৰি ক্ষোভিত হৈ পৰিছে ৰাইজ৷ ৰাজ্যৰ দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি মন্ত্ৰী পল্লৱলোচন দাসক পদত্যাগ কৰাৰ বাবে দাবী জনাই আহিছে যদিও অলৰ-অচৰ শক্তিমন্ত্ৰীগৰাকী৷
ৰাজ্যত প্ৰতিদিনে মানুহ মৰি থকাৰ সময়তে সতীৰ্থ মন্ত্ৰীৰ শিক্ষকৰ খতিয়ান লোৱা সভাত হাঁহি হাঁহি ভাগৰি পৰা মন্ত্ৰীগৰাকীয়ে আজিলৈ কোনো পদক্ষেপ ল'ব নোৱাৰিলে৷ জীৱন আৰু সম্পত্তিক সুৰক্ষা দিয়াত ব্যৰ্থ হোৱা ৰাজ্য চৰকাৰৰ বিৰুদ্ধে আজি ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে৷
ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বিভিন্ন আঞ্চলিক সমিতিয়ে অসম চৰকাৰৰ ব্যৰ্থ শক্তি মন্ত্ৰী পল্লৱ লোচন দাসৰ পদত্যাগৰ দাবীত ৰাজপথত প্ৰতিকৃতি দাহ কৰে৷ পল্লৱ লোচন হায়ঃ হায়ঃ, পল্লৱ লোচনে পদত্যাগ কৰক, ৰাজ্য চৰকাৰ হায়ঃ হায়ঃ, বিদ্যুৎস্পৃষ্ট হৈ নিহত হোৱা পৰিয়ালক ক্ষতিপূৰণ দিয়ক আদি শ্ল’গানেৰে সংগঠনটোৰ নেতা-কৰ্মীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷
বিদ্যুৎস্পৃষ্ট হৈ নিহত হোৱা পৰিয়ালক ক্ষতিপূৰণ দিয়া, বিদ্যুৎ বিভাগৰ ব্যক্তিগতকৰণ কৰাৰ ষড়যন্ত্ৰ বন্ধ কৰা, মন্ত্ৰী পল্লৱলোচন দাস পদত্যাগ কৰাৰ দাবীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আজি সমগ্ৰ ৰাজ্যতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷
NNO চিচিবৰগাঁওঃ ধেমাজি টাউন আৰু চিলাপথাৰ টাউনৰ মাজমজিয়াতো ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে শক্তিমন্ত্ৰীৰ পুত্তলিকা দাহ কৰে। বিদ্যুতৰ লুকা ভাকুয়ে জ্বলা-কলা খুৱাই থকাৰ সময়তে ধেমাজি জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে মন্ত্ৰীগৰাকীৰ প্ৰতিকৃতি দাহ কৰি পদত্যাগ দাবী কৰে মন্ত্ৰীগৰাকীৰ। ব্যৰ্থ মন্ত্ৰী আখ্যা দি নিৰ্বাচনৰ আগমুহূৰ্তত ডাঙৰ ডাঙৰ হৰ্ডিং আৰু নিপীড়িত জনতাৰ সম্মুখত কথাৰ ফুলজাৰিৰে ভাষণ দি ২৪ ঘণ্টাই বিদ্যুত যোগান ধৰা প্ৰতিশ্ৰুতি ক'লৈ গ’ল বুলিও প্ৰশ্ন কৰে সংগঠনটোৱে৷
NNO বিশ্বনাথ চাৰিআলিঃ বিশ্বনাথ জিলাৰ বিহালীৰ বৰগাঙত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে শক্তি মন্ত্ৰী পল্লৱলোচন দাসৰ প্ৰতিকৃতি দাহ কৰে। বিদ্যুৎ বিভাগৰ চূড়ান্ত হেমাহিৰ বাবে ৰাজ্যৰ ৭৫ জনৰো অধিক ব্যক্তিৰ অকালতে মৃত্যু হোৱাত হাঁহিৰাম মন্ত্ৰী ৰূপে খ্যাত পল্লৱ লোচন দাসৰ পদত্যাগ আৰু মৃত্যু হোৱা প্ৰতিগৰাকী লোকৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ দাবীত এই কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে৷
NNO চাবুৱাঃ ৰাজ্যৰ ব্যৰ্থ শক্তিমন্ত্ৰী পল্লৱলোচন দাসৰ পদত্যাগৰ দাবীত আজি চাবুৱাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে৷ বিদ্যুৎস্পৃষ্ট হৈ নিহত হোৱা লোকসকলৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়া আৰু বিদ্যুৎ বিভাগৰ ব্যক্তিগতকৰণৰ বিৰোধিতা কৰি চাবুৱাত সংগঠকেইটাই আজি শক্তিমন্ত্ৰীৰ পুত্তলিকা দাহ কৰে। বিদ্যুতৰ লুকা-ভাকুৱে চাবুৱাবাসীক জ্বলা-কলা খুৱাইছে বুলি অভিযোগ কৰে প্ৰতিবাদকাৰীসকলে।
NNO আমগুৰিঃ টি আৰ পি মন্ত্ৰী নামেৰে খ্যাত হৈ পৰা শক্তিমন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে সমগ্ৰ ৰাজ্য৷ ব্যৰ্থ মন্ত্ৰীজনৰ বিৰুদ্ধে শিৱসাগৰ জিলাৰ আমগুৰিত আজি প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ভাতৃ সংগঠন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে মন্ত্ৰী পল্লৱলোচন দাসৰ প্ৰতিকৃতি দাহ কৰে৷ বাভাগ চলোৱাত ব্যৰ্থ হোৱা মন্ত্ৰীজনক শীঘ্ৰে অপসাৰণৰ দাবী জনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক৷