23
Dec
2017

আমগুৰিঃ ৰাজ্য চৰকাৰে কৃষক নেতা অখিল গগৈক পুনৰ গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত শুকুৰবাৰে আমগুৰিত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে৷
আমগুৰিৰ জাজীত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজ্য চৰকাৰে অখিলৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰা বুলি অভিযোগ উত্থাপন কৰে৷
কৃষক নেতা অখিল গগৈক জামিন দিয়াৰ পিছতো মুক্তি নিদি পুনৰ গ্ৰেপ্তাৰ কৰাত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে৷ চৰকাৰে ষড়যন্ত্ৰ কৰি পুনৰ দুধনৈ আৰক্ষীৰ দ্বাৰা আটক কৰা বুলি কয় সংগঠনটোৱে৷