গোলাঘাটঃ বগীধলা চাহ বাগিচাৰ মালিকে বৰ্বৰ ভাৱে শ্ৰমিকক গুলীয়াই আহত কৰাৰ ঘটনাৰ লগতে ছাত্ৰ নেতাক আৰক্ষীয়ে বৰ্বৰ ভাৱে লাঠীৰে প্ৰহাৰ কৰাৰ ঘটনাৰ চাঞ্চল্য আজিও অব্যাহত আছে ৰাজ্যত৷ চাহ বাগিচাৰ মালিকৰ বৰ্বৰ আক্ৰমণ কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ যোৱা গোলাঘাটৰ দুই ছাত্ৰ নেতা বিদ্যুৎ বিকাশ শইকীয়া আৰু দেৱব্ৰত শইকীয়াক ১৯ ডিচেম্বৰত গোলাঘাট আৰক্ষীয়ে ৰাজ পথত বগৰাই লাঠীৰে বৰ্বৰ ভাৱে প্ৰহাৰ কৰে৷

এই ঘটনাই সমগ্ৰ ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে বগীধলা চাহ বাগিচাৰ শ্ৰমিকক গুলীওৱা আৰু আৰক্ষীয়ে ছাত্ৰ নেতাক বৰ্বৰ আক্ৰমণ কৰাৰ ঘটনাৰ প্ৰতিবাদত শুকুৰবাৰে গোলাঘাট ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া আৰু গােলাঘাট জিলাৰ সভাপতি মৃনাল নাথে অনশন কাৰ্যসূচী পালন কৰে৷

শুকুৰবাৰে পুৱাৰে পৰা দুয়ো নেতাই গোলাঘাট টাউনত প্ৰতিবাদত বহে৷ চাহ শ্ৰমিকৰ শোষণ-বঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে দুয়ো নেতাই৷

বগীধলা চাহ বাগিচাৰ শ্ৰমিকক মালিকৰ গুলীত আঘাতপ্ৰাপ্ত শ্ৰমিকক উপযুক্ত ক্ষতিপূৰণ দিয়া, বগীধলা চাহ বাগিচাৰ মালিকৰ গুলীত আঘাত প্ৰাপ্ত শ্ৰমিকক উপযুক্ত চিকিৎসা প্ৰদান কৰা, বাগিচাৰ মালিকক কঠোৰ শাস্তি প্ৰদান কৰা, বাগিচাৰ শ্ৰমিকসকলক বিনামূলীয়া ৰেচন আৰু ভাট্টা প্ৰদান কৰা, ছাত্র মুক্তিৰ গোলাঘাট জিলাৰ সদস্য বৰ্বৰ আক্ৰমণ কৰা গোলাঘাটৰ ডিএছপিক পাৰ্থ প্ৰতিম শইকীয়াৰ বিৰুদ্ধে উচিত তদন্ত কৰাৰ দাবীত গোলাঘাটত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া আৰু গােলাঘাট জিলাৰ সভাপতি মৃনাল নাথে অনশন কাৰ্যসূচী ৰূপায়ণ কৰে৷