
চাবুৱাঃ দীনদয়াল উপাধ্যায়ৰ নামত ২২ খনকৈ মহাবিদ্যালয় নামাকৰণ কৰা হ'ব কৰা ঘোষণাৰ পিছত সমগ্ৰ অসমবাসীয়ে তীব্ৰ বিৰোধিতা কৰি অহাৰ সময়তে আজি মাৰ্ঘেৰিটাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদস্থলীত সংগঠনটোৰ তিনিচুকীয়া জিলা সমিতিৰ সাধাৰণ সম্পাদক পাপু দত্তই অংশগ্ৰহণ কৰি কয় যে "হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ দিনত ৰাজীৱ গান্ধী, ইন্দিৰা গান্ধীৰ নামত কংগ্ৰেছ চৰকাৰে আঁচনিসমূহ নামাকৰণ কৰোতে বিৰোধিতা কৰা নাছিল। কিন্তু এতিয়া বিজেপি দলত আহি মন্ত্ৰী হোৱাৰ পিছত বিজেপি দলৰ ৰাষ্ট্রীয় নেতৃত্বক সন্তুষ্ট কৰিবলৈ দীনদয়াল উপাধ্যায়ৰ নামত ২২খনকৈ মহাবিদ্যালয়ৰ নাম নামাকৰণ কৰিবলৈ লোৱা বিষয়টোত কিদৰে সমৰ্থন জনাইছে?"
বিজেপি চৰকাৰে গাৰ বল প্ৰয়োগ কৰি অসম আৰু অসমীয়া জাতীয় জীৱনৰ প্ৰতি কোনো অৰিহণা নথকা এজন ব্যক্তিৰ নামত অসমৰ ২২ খনকৈ মহাবিদ্যালয়ৰ নামাকৰণ কৰি বিজেপি চৰকাৰখনে অসমৰ শিক্ষা-সংস্কৃতি-সাহিত্যৰ ক্ষেত্ৰখনৰ মহান মহান ব্যক্তি সকলৰ লগতে অসমৰ বীৰ-বীৰাঙ্গনাসকলকো চৰম অপমান কৰিলে।
বিজেপি চৰকাৰখনৰ এনে টোঘলকী সিদ্ধান্তত অগণতান্ত্ৰিক আৰু ফেচিষ্ট চৰিত্ৰ প্ৰকাশ পাইছে বুলি ছাত্ৰ নেতাজনে মন্তব্য কৰে। লগতে তেওঁ কয় যে, "জাতি-মাটি-ভেটি"ৰ অৰ্থ সমগ্র ভাৰতবৰ্ষৰ বুলি ৰঞ্জিত দাসে যি মন্তব্য কৰিলে সেইটো তেওঁ আধা পাগল হোৱাৰ বাবে কৈছে আৰু তেওঁক মানসিক চিকিৎসা প্ৰয়োজন বুলি কয় নেতাজনে। লগতে বিজেপি চৰকাৰে অতি শীঘ্ৰে এই সিদ্ধান্ত বাতিল কৰি অসমৰ জাতীয় জীৱনত অৰিহণা আগবঢ়াই যোৱা মহান মনীষিসকলৰ নামেৰে মহাবিদ্যালয় স্থাপন কৰিবলৈ দাবী জনায়।