
কোকৰাঝাৰঃ চিকিৎসকৰ ওচৰলৈ যোৱাৰ পৰিৱৰ্তে বেজৰ কাষ চপাৰ বাবেই কোকৰাঝাৰত পুনৰাই এগৰাকী মহিলা মৃত্যমুখত পৰিছে।
কোকৰাঝাৰ সদৰ চহৰৰ হাব্ৰুবাৰী থুলুংগাপুৰীৰ সুশীলা ব্ৰহ্মক বিষাক্ত ফেঁটী সাপে দংশন কৰাত পৰিয়ালৰ সদস্যই চিকিৎসালয়লৈ নিয়াৰ পৰিৱৰ্তে চিকিৎসাৰ বাবে বেজৰ ওচৰলৈ নিয়াৰ পৰিণতিতে দুৰ্ভাগ্যজনকভাৱে মহিলাগৰাকীয়ে কৰুণ মৃত্যুক আকোঁৱালি লয় ।
সোমবাৰৰ নিশা মাটিৰে ঘৰ লেপি থকাৰ সময়তে বিমল ব্ৰহ্মৰ পত্নী সুশীলা ব্ৰহ্মক বিষাক্ত ফেঁটী সাপে হাতত দংশন কৰে। বিষাক্ত ফেঁটী সাপে দংশন কৰাৰ প্ৰায় তিনিঘণ্টা পিছত মহিলাগৰাকীক পৰিয়ালৰ নিকটাত্মীয়ই ৩০ কিলোমিটাৰ নিলগৰ দোতমাৰ বেজৰ ওচৰলৈ নিয়ে।
মহিলাগৰাকীৰ ঘৰৰ পৰা মাথো ৩০০ মিটাৰ নিলগৰ চৰকাৰী চিকিৎসালয়লৈ নিয়াৰ পৰিৱৰ্তে ৩০ কিলোমিটাৰ দূৰৈৰ বেজৰ কাষলৈ গাড়ীৰে লৈ যোৱাৰ পিছত বেজে চিকিৎসা আৰম্ভ কৰে আৰু কিছুসময় পিছত হাতৰ বান্ধটো খুলি দিবলৈ বেজে নিৰ্দেশ দিয়ে। বেজৰ নিৰ্দেশ ক্ৰমে হাতৰ বান্ধটো খুলি দিয়াৰ আধাঘণ্টা পিছতে মহিলাগৰাকীয়ে কৰুণ মৃত্যুক সাৱটি লয়।
অন্ধবিশ্বাস কুসংস্কাৰৰ পৰিণতিত কৰুণ মৃত্যুক সাৱটি লোৱা মহিলাগৰাকীৰ মৃত্যুৱে বৰ্তমানেও যে ৰাজ্যত স্বাস্থ্য সজাগতা সুদূৰ পৰাহত সেয়াই প্ৰমাণ কৰিছে।