তেজপুৰঃ ঘৰৰ ভিতৰত সোমাই অজগৰৰ হ’ল দুৰ্গতি৷ তেজপুৰৰ এচ এচ আগৰৱালা নামৰ ব্যক্তিজনৰ ঘৰত ওলাইছিল এডাল প্ৰকাণ্ড অজগৰ৷ গৃহস্থই দেখি হৈ চৈ কৰোঁতেই অজগৰডালে ভয় খাই পকীঘৰটোৰ মজিয়াত ফাক এটা পাই তাতেই সোমাই পৰিল৷

পিছে সোমালেহে, ওলাব নোৱাৰিলে৷ চাৰিদিন ধৰি অনাহাৰে মজিয়াৰ সৰু ফাকটোত চটবটাই আধা জখম হল অজগৰডাল৷ পিছত গৃহস্থৰ লোকে অজগৰডালৰ দুগৰ্তি দেখি তেজপুৰৰ সৰ্পবান্ধৱ খ্যাত সৌৰভ বৰকটকীক খবৰ দিয়ে৷

বৰকটকীয়ে উপস্থিত হৈ অতি কৌশলেৰে পকী মজিয়া ভাঙি চাৰিদিন পিছত অজগৰডাল উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ পাছত সাপডালৰ চিকিৎসা আৰু সংৰক্ষনৰ বাবে বনবিভাগক চমজাই দিয়া হয়৷