কামপুৰঃ কামপুৰ উচ্চতৰ মাধ্যমিক অাৰু বহুমুখী বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ হীৰামোহন বৰঠাকুৰৰ আজি দেহাৱসান ঘটে।

চিকিৎসাৰ বাবে গুৱাহাটীলৈ নি থকা অৱস্থাত জাগীৰোডত শেষ নিশ্বাস ত্যাগ কৰে বৰঠাকুৰে৷ দক্ষিণ পশ্চিম নগাঁৱৰ শিক্ষা-সংস্কৃতি লগত আজীৱন জড়িত আছিল বৰঠাকুৰ৷

কামপুৰ মহাবিদ্যালয়ৰ প্ৰতিস্থাপক সম্পাদক হোৱা লগতে কামপুৰ উন্নতি সাধিনী সভাৰ বিভিন্ন দায়িত্ব পালন কৰিছিল বৰঠাকুৰে। শ্ৰীমন্ত শংকৰ মিচনৰ আজীৱন সদস্য আছিল হীৰা বৰঠাকুৰ। 

তদুপৰি কামপুৰ অঞ্চলৰ সাহিত্য-সংস্কৃতি উন্নতিৰ দিশত বিশেষ বৰঙণি আগবঢ়াই গৈছে বৰঠাকুৰে। দীৰ্ঘদিন ধৰি অসুস্থ হৈ অাছিল অধ্যক্ষ জন৷

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৬ বছৰ। তেওঁৰ মৃত্যুত সমগ্র কামপুৰত শোকৰ ছাঁ পৰিছে।