গুৱাহাটীঃ কংগ্ৰেছ চৰকাৰৰ তৃতীয়টো কাৰ্যকালত যোৰহাটত সংঘটিত অনিৰ্ধাৰিত পুঁজি(আনটাইড ফাণ্ড)ৰ বিয়াগোম কেলেংকাৰিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সচিব বিশাল বসন্ত সোলাংকীও জালত পৰাৰ সম্ভাৱনা প্ৰকট হৈছে। প্ৰায় ৩২ কোটিটকীয়া এই কেলেংকাৰিৰ তদন্ত কৰি আছে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই।

কেলেংকাৰিটোৰ অন্যতম অভিযুক্ত তথা ঠিকাদাৰ উজ্জ্বলজ্যোতি বৰাক তদাৰকী শাখাই কিছুদিন পূৰ্বে গ্ৰেপ্তাৰ কৰে। ইয়াৰ পাছতে যোৱা ১৪ মে’ৰ সন্ধিয়া এই বিয়াগোম কেলেংকাৰিৰ আন এজন অভিযুক্ত ৰাজহ বিভাগৰ সচিব বুবুল লেখাৰুক যোৰহাট আৰক্ষীয়ে আন এটা গোচৰত গ্ৰেপ্তাৰ কৰে।

সম্প্ৰতি তেওঁ যোৰহাট সদৰ আৰক্ষীৰ জিম্মাত আছে। ইয়াৰ পূৰ্বে এই কেলেংকাৰিৰ আন এজন অভিযুক্ত অতিৰিক্ত উপায়ুক্ত অঞ্জনাভ চলিহাক সাধাৰণ জাতি পৰিষদৰ বহু লাখটকীয়া অনিয়মৰ গোচৰত গ্ৰেপ্তাৰ কৰে। সম্প্ৰতি তেওঁ নিলম্বিত হৈ আছে।

ফলত এই বিয়াগোম কেলেংকাৰিৰ দুজন অভিযুক্তহে জালত পৰিবলৈ বাকী। এই দুই অভিযুক্ত হ’ল মুখ্যমন্ত্ৰীৰ সচিব সোলাংকী আৰু জিলা পৰিকল্পনা শাখাৰ বিষয়া অজিত গোহাঁই। লক্ষ্যণীয় যে সোলাংকীয়ে যোৰহাটৰ উপায়ুক্তৰূপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত ২০১৩-১৫ৰ সময়ছোৱাত এই বিয়াগোম কেলেংকাৰি সংঘটিত হয়।

পৰৱৰ্তী সময়ত স্থানীয় কে’বাজনো সচেতন ব্যক্তিৰ তৎপৰতাত এই বিয়াগোম কেলেংকাৰি ফাদিল হয়।মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাত ৰুজু হয় এটা গোচৰ। অৱশ্যে কেলেংকাৰিটোৰ গোচৰত বৰ্তমানলৈকে এজনহে অভিযুক্ত গ্ৰেপ্তাৰ হৈছে। তেওঁ হ’ল ঠিকাদাৰ উজ্জ্বলজ্যোতি বৰা। সেয়েহে জিলাখনৰ সচেতন ৰাইজে শীঘ্ৰে কেলেংকাৰটোৰ সকলো অভিযুক্তক গ্ৰেপ্তাৰৰ দাবী জনাইছে।   

এক অসমৰ্থিত সূত্ৰই জনােৱা মতে, আই এ এছ বিষয়া সোলাংকীয়ে এটা বিশেষ সংগঠনৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি থকাৰ বাবেহে জালত পৰা নাই। সংগঠনটোৰ কৃপাতে তেওঁ সচিবলৈ পদোন্নতি লাভ কৰে বুলি সূত্ৰটোৱে ক’ব খোজে।