News Next One শিৱসাগৰ ৮ অক্টোবৰঃ শিৱসাগৰ জিলাৰ শলগুৰি মৌজাৰ ওমকাৰ নাট্যগোষ্ঠীৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত গুৰুজনাৰ অপূৰ্ব সৃষ্টি ভাওনাক জনমানসত প্ৰতিষ্ঠিত কৰাৰ উদ্দেশ্যে ৬ দিনীয়া কাৰ্য্যসূচীৰে সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে । অহা ১৭ ডিচেম্বৰৰ পৰা ২২ ডিচেম্বৰলৈ শলগুৰি আহিনী পথাৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হবলগীয়া প্রতিযগিতাখনৰ উদ্দেশ্যে ইতিমধ্যে বিমল নেওগক সভাপতি, পনোজ কুমাৰ দত্ত আৰু পংকজ হাজৰিকাক যুটীয়া সম্পাদক হিচাবে লৈ এখন উদযাপন সমিতি গঠন কৰা হৈছে । উক্ত ভাওনা প্ৰতিযোগিতাৰ উদ্বোধন কৰিব আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীয়ে । আনহাতে, ভাওনা প্ৰতিযোগিতাৰ অন্তিম দিনা বঁটা বিতৰণী অনুষ্ঠানৰ পিছতেই সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব । সেয়েহে উদ্যোক্তা সকলে অনুষ্ঠানটোত সকলো ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি কামনা কৰিছে ।