মোৰাঝাৰঃ দিছপুৰৰ সচিবালয়ৰ আমোলাৰ পৰা পঞ্চায়তৰ পিয়নলৈকে একাংশ লোকে দুৰ্নীতি নকৰাকৈ যেন থাকিবই নোৱাৰে৷ এই সকলৰ বাবে দুৰ্নীতি যেন এটা মুদ্ৰাৰ ইপিঠ-সিপিঠি৷ তাৰ মাজতে হোজাই জিলাৰ যমুনামুখ সমষ্টিৰ অন্তৰ্গত বৰবালী সমবায় সমিতিৰ দুৰ্নীতিগ্ৰস্থ সভাপতি আব্দুল মান্নান খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ অনাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

বৰবালি চামৰালি সমবায় সমিতিৰ সভাপতি মান্নান খানে দীৰ্ঘদিন ধৰি সমবায়খনত উঠি ৰজা বহি ৰজা হৈ আছিল বুলি অভিযোগ উত্থাপন হৈ আহিছে৷   দীৰ্ঘদিনৰ পৰা সমিতিৰ অন্যান্য সদস্যসকলক গুৰুত্ব প্ৰদান নকৰাৰো অভিযোগ উত্থাপন হৈ আহিছে৷ ফলত কতৃৃপক্ষক বহুবাৰ আবেদন জনাই ফল নোপোৱাত সম্পাদকৰ নিৰ্দেশত শনিবাৰে উপ-সভাপতি আব্দুল্লাৰ আহ্বানত সমবায় খনৰ কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হয়৷

সভাত দহজনকৈ সদস্য-সদস্যাই সৰ্ব সন্মতি সাপেক্ষে সভাপতিৰ পদৰ বাবে আচাৰ উদ্দিনক সমৰ্থন কৰে। সমবায় সমিতিৰ সভাপতিৰ বিৰুদ্ধে আব্দুল্লাহ, কমৰুল ইছলাম, আচাৰ উদ্দিন, চফিক উদ্দিন, বদৰুল ইছলাম, নাৰায়ণ বিশ্বাস, আব্দুৰ ৰহিম, ছয়দুল ইছলাম চৌধুৰী, আয়েসা বেগম, জোস্না বেগম আদি কৰি গৰিষ্ঠ সংখ্যক সদস্যই অনাস্থা প্ৰস্তাৱ দি আচাৰক সমৰ্থন কৰে সভাপতিৰূপে। এই প্ৰস্তাৱৰ আৱেদন কতৃৃপক্ষক লিখিত ভাবে দিয়া হ’ব বুলি জানিবলৈ দিয়ে৷