বঢ়মপুৰঃ শহুৰৰ পৰিয়ালৰ লোকৰ আক্ৰমণত লেবেজান হ’ল জোৱাই৷ শহুৰৰ ঘৰত মাছে-মঙহে এসাজ খাবলৈ পোৱাটো দূৰৰে কথা, শহুৰৰ ঘৰৰ মানুহে মিলি ঔ কিলহে দিলে জোৱায়েকক৷ এই অপ্ৰত্যাশিত ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ পুৰণিগুদামৰ চলচলিত। 

চলচলিৰ ৰামটিলা আটীৰ শহুৰেকৰ ঘৰত আক্ৰমণৰ বলি হোৱা এই জোৱাইজন হৈছে হাফিজুৰ। শহুৰৰ পৰিয়ালৰ লোকৰ প্ৰহাৰত পথৰ ওপৰতে সংজ্ঞাহীন হৈ পৰি ৰয় হাফিজুৰ।

গুৰুতৰভাবে আহত হাফিজুৰক স্থানীয় একাংশ লোকে সংকটজনক অৱস্থাত নগাঁও অসামৰিক চিকিৎসালত ভৰ্তি কৰে। জানিব পৰা মতে বিবাহৰ এক পৰ্বক কেন্দ্ৰ কৰি নিশা কাজিয়াৰ সূত্ৰপাত হয় জোৱাই আৰু শহুৰৰ পৰিয়ালৰ মাজত।

একে গাঁৱৰে জোৱাই হাফিজুৰে শুকুৰবাৰে এটি পৰ্বৰ বাবে শহুৰৰ ঘৰলৈ আহে৷ কোনো কথাৰ গইনা লৈ শহুৰৰ পৰিয়ালৰ সৈতে হাফিজুৰৰ বাক-বিতণ্ডা লাগে৷ বাক-বিতণ্ডাই কাজিয়াৰ ৰূপ লোৱাত শহুৰৰ পৰিয়ালে জোৱাই হাফিজুৰক বেয়াকৈ মাৰ-ধৰ কৰে৷  

ফলত নিশাই হাফিজুৰক চিকিৎসালত ভৰ্তি কৰিব লগা হয়৷ নিশা ১০৮ এম্বুলেন্স সেৱাত ফোন কৰি হাফিজুৰক নিবৰ বাবে মাতে যদিও প্ৰায় দুঘন্টা মূৰত ১০৮ এম্বুলেন্স উপস্থিত হোৱাত ৰাইজ ক্ষোভিত হৈ পৰে৷ ৰাজপথত ছটফটাই থকা হাফিজুৰক অৱশেষত ৰাইজে পুৰণিগুদাম আৰক্ষীৰ বাহনত উঠাই নি চিকিৎসালয়ত ভৰ্তি কৰে৷