newsnextone.com | সোণাৰিঃ বিজেপি চৰকাৰৰ অসম বিৰোধী কাৰ্যৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ অব্যাহত ৰাখিছে ৰাজ্যৰ দল-সংগঠনে৷ এতিয়া প্ৰতিদিনে ৰাজ পথত অসমৰ জনসাধৰণে অসমীয়া জাতি অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত প্ৰতিবাদ অব্যাহত ৰাখিছে৷ 

জাতি, মাটি, ভেটি ৰক্ষাৰ শ্ল’গান দি দিল্লী আৰু দিছপুৰৰ গাদী দখল কৰা বিজেপিয়ে এতিয়া অসম ধ্বংসকাৰী নাগৰিকত্ব সংশোধনী আইন গৃহিত কৰি অসমত লাখ লাখ বাংলাদেশী অসমত সংস্থাপন কৰিব বিচাৰে৷ যাৰ বাবে ৰাজ্যৰ ৰাইজ আজি ক্ষোভিত বিজেপি দল আৰু চৰকাৰৰ বিৰুদ্ধে৷ 

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে অসম ধ্বংসকাৰী নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ দাবী উত্তাল হৈ আছে সোণাৰি৷ সোণাৰিৰি ৰাইজে ৰাজ পথলৈ ওলাই আহি কোনো কৰাণত এই বিধেয়ক মানি নােলোৱাৰ হুংকাৰ দিয়ে৷

শুকুৰবাৰে চৰাইদেউ জিলাৰ সোণাৰিত বৃহৎ প্রতিবাদী সমদল উলিয়াই টাই আহোম যুৱ পৰিষদৰ চৰাইদেউ জিলা সমিতিয়ে৷ সংগঠনটোৱে কেইবাটাও সংগঠনৰ সহযোগত সোণাৰি ৰাজহুৱা খেল পথাৰৰ পৰা নগৰৰ মাজেৰে সমদল কৰি চৰকাৰৰ সিদ্ধান্ত বাতিল কৰাৰ দাবী জনায়৷ 

আনহাতে জিলা খনৰ সাপেখাটী চাৰিআলিত বৃহত্তৰ অসমীয়া যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ৩১-বি নং ৰাষ্ট্ৰীয় পথ আৰু ধোদৰআলি সংযোগী সাপেখাটী চাৰিআলিত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰাৰ ফলত দুই ঘণ্টা ধৰি সোণাৰি নামৰূপ আৰু সাপেখাটী লংডিং সংযোগী পথ বন্ধত যান-বাহনৰ চলালচল বন্ধ হৈ পৰাত যান-জোঁটৰ সৃষ্টি হয়৷

প্রতিবাদকাৰীসকলে চৰকাৰ বিৰোধী শ্ল’গান দিয়াৰ লগতে জাতি-মাটি-ভেটি ৰক্ষাৰ স্বাৰ্থৰ কথা কোৱা চৰকাৰে নাগৰিক সংশোধনী আইন সংশোধন কৰি অসমত বাংলাদেশী সংস্থাপন কৰিব বিচৰা কাৰ্যক ধিক্কাৰ দিয়ে। প্রতিবাদকাৰীসকলে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে। 

সোণাৰিত টাই আহোম যুৱ-পৰিষদে নাগৰিক সংশোধনী আইন ২০১৬ বাতিলৰ দাবীত সৰ্বানন্দ সোণোৱালৰ স্মশান যাত্ৰা কৰি সোণাৰি শিৱ মন্দিৰ তিনিআলিত সৎকাৰ কৰে৷ প্রতিবাদীসমদলত টাই আহোম মহিলা পৰিষদ, আছু, যুৱ ছাত্ৰ পৰিষদকে ধৰি কেইবাটাও সংগঠনে অংশ লয়৷