চৰাইদেউঃ প্ৰতি বছৰে ১৬ নৱেম্বৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাবে পালন কৰা হয়। সাংবাদিকতাৰ পেশাগত নৈতিকতাক বজাই ৰখাৰ স্বাৰ্থক সাৰোগত কৰি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক টনকীয়াল কৰি ৰখাৰ বাবে ১৬ নৱেম্বৰত প্ৰেছ দিৱস পালন কৰা হয়৷

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগতো সোণাৰিস্থিত আৱৰ্ত্ত ভৱনৰ সভাকক্ষত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়৷ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে প্ৰশাসনৰ উদ্যোগত ‘প্ৰত্যাহ্বান হিচাপে সাংবাদিকতা’ বিষয়ৰ ওপৰত এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়৷

চৰাইদেউ জিলাৰ উপায়ুক্ত বিবেকানন্দ ফুকনৰ সঞ্চালনাত অনুষ্ঠিত আলোচনা চক্ৰৰ আঁতধৰে অতিৰিক্ত উপায়ুক্ত নবাব আজাহাৰ আলিয়ে৷ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচীত সোণাৰি প্ৰেছ ক্লাব, চৰাইদেউ প্ৰেছ গীল্ড তথা মাহমৰা প্ৰেছ ক্লাবৰ সংবাদকৰ্মীসকল উপস্থিত থাকে৷