চৰাইদেউঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদত উত্তাল চৰাইদেউ জিলাৰ সোণাৰি নগৰ৷ সংগঠনটোৰ কেবাশতাধীক নেতা-কৰ্মীয়ে হাতে হাতে জোৰ লৈ ৰাজ পথলৈ ওলাই আহি অসমৰ ভূমি এৰি নিদিয়াৰ হুংকাৰ প্ৰদান কৰি চৰকাৰক সকীয়নি প্ৰদান কৰে৷

সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে নাগালিমত অসমৰ ভূমি অন্তৰ্ভুক্ত কৰিব বিছৰাৰ প্ৰতিবাদত তথা নগা ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট ৰাজহুৱা কৰাৰ দাবীত চৰাইদেউ জিলা সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে। চৰাইদেউ জিলা সমিতিৰ মূখ্য কাৰ্যালয়ৰ পৰা জোংৰ সমদৰ আৰম্ভ কৰি চৰকাৰ বিৰোধি শ্ল’গানেৰে সোণাৰি নগৰৰ আকাশ-বতাহ কপাই তোলে।

বিজেপি চৰকাৰ গ'বেক, বিজেপি চৰকাৰ হায়-হায়, কেন্দ্ৰীয় চৰকাৰ মুৰ্দাবাদ, অসম চৰকাৰ গ'বেগ ধ্বনিৰে উত্তাল কৰে পৰিবেশ। কাৰ্যসূচীত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ৰঞ্জিত চাংমাই আৰু কাৰ্যনিৰ্বাহক সদস্য দিগন্ত চাংমাইয়ে অসমৰ ভূমিৰ ওপৰত কেন্দ্ৰক চকু নিদিবলৈ সকীয়াই দিয়ে৷ তেজ দি হলেও অসমৰ সীমা ৰক্ষা কৰিবলৈ যুৱ-ছাত্ৰ সাজু বুলি কয়৷