
ঢেকীয়াজুলিঃ তীব্ৰ অৰ্থ সংকটত পৰিছে শোণিতপুৰ জিলাৰ পঞ্চায়ত পৰ্যায়ৰ সমবায় সমিতিসমূহ৷ আনহাতে সমবায় সমিতিসমূহক এনেধৰণৰ আৰ্থিক সংকটৰ মাজলৈ ঠেলি দিছে খোদ চৰকাৰেই৷ এই কথা স্পষ্ট হৈ পৰিছে শোণিতপুৰৰ সমবায় সমিতি সমূহৰ সন্থাই যোৱা ৭ আগষ্টত শোণিতপুৰ জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰা এক স্মাৰকপত্ৰ তথা আবেদনত৷
সন্থাৰ সভাপতি আব্দুল মতিন আৰু সম্পাদক তপন শৰ্মা স্বাক্ষৰিত আবেদনখনত কোৱা হৈছে যে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ অধিনত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ খাদ্য-সামগ্ৰী সম্পূৰ্ণৰূপে সমাবায় সমিতি সমূহে নিজা খৰছত ভাৰতীয় খাদ্য নিগমৰ ভড়ালৰ পৰা কঢ়িয়াই আনি সমিতিৰ এলেকাধীন সূলভ মূল্যৰ দোকানীৰ জৰিয়তে ৰাইজক যোগান ধৰি আহিছে৷
প্ৰতিখন সমবায়ে প্ৰতিমাহে এই খাদ্য-সামগ্ৰী সমূহ কঢ়িয়াই আনি বিতৰণ কৰালৈকে দুইৰ পৰা আঢ়ৈ লাখ টকা খৰছ কৰিব লগা হয়৷ নিয়ম অনুসৰি সমবায় সমূহে সামগ্ৰী যোগানৰ নামত ব্যয় কৰা এই ধনৰাশি প্ৰতিমাহে চৰকাৰৰ নিৰ্দিষ্ট বিভাগে Porfit Margin Bill হিচাপে বহন কৰিব লাগে ৷
কিন্তু লক্ষণীয় কথা হ’ল বিগত কেইবা মাহো ধৰি শোণিতপুৰ জিলাৰ সমবায়সমূহে এই ধন চৰকাৰ তথা বিভাগৰ পৰা লাভ কৰা নাই ৷ যাৰ ফলত কাৰ্যত অচল হৈ পৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে সমবায়সমূহৰ৷ সমবায় সন্থাই জানিবলৈ দিয়া মতে ২০১৭ চনৰ চলিত মাহলৈকে চৰকাৰৰ পৰা তেওঁলোকে পাবলৈ বাকী আছে ১১,২৭,১৫,৪০৮,০০ টকা ৷
ইমান দিনে সমবায় সমূহে নিজৰ সঞ্চিত ধন আৰু বিভিন্ন এজেন্টৰ পৰা সূদৰ বাবদ লোৱা টকাৰে খাদ্য সামগ্ৰী যোগানৰ ব্যৱস্থা কৰি আহিছিল৷ সম্প্ৰতি আৰ্থিকভাবে সম্পূৰ্ণ জুৰুলা হৈ পৰা তেজপুৰ মহকুমাৰ মুঠ ২৯ খন সমবায় সমিতিয়ে কেইবাখনো সভা পাতি বিষয়টো স্থানীয় বিধায়ক আৰু কৰ্তৃপক্ষক অৱগত কৰাৰ পিছতো ইয়াৰ কোনো ব্যৱস্থা নকৰাত স্বাভাবিকতে অসহায় হৈ পৰিছে সমাবায় পৰিচালনা সমিতিসমূহ ৷
আৰ্থিক দুৰৱস্থাত পৰি বিগত কেইবামাহো সমবায়ৰ কৰ্মচাৰী সকলকো দৰমহা দিব পৰা নাই কৰ্তৃপক্ষই৷ শোণিতপুৰ জিলা যোগান বিভাগৰ এনে কাণ্ডৰ ফলতেই এতিয়া অচল হৈ পৰিব সমবায়সমূহ আৰু ইয়াৰ পৰিণাম ভোগ কৰিব লাগিব দৰিদ্ৰ ৰাইজে৷ লক্ষণীয় কথা যে ভাৰতৰ অন্যান্য ৰাজ্যৰ লগতে অসমৰ বিভিন্ন জিলাসমূহত সমবায়সমূহে নিজৰ প্ৰাপ্য ধন লাভ কৰি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ কাম নিয়াৰিকৈ কৰি আছে৷
কিন্তু শোণিতপুৰ জিলাত কি অজ্ঞাত কাৰণত জিলা প্ৰশাসনে সমবায়ৰ কোটি কোটি টকা মোকলাই দিব পৰা নাই সেয়া এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈছে৷ শোণিতপুৰ জিলা সমবায় সন্থাই অতি শীঘ্ৰে তেওঁলোকে পাবলৈ বাকী থকা সমুদায় ধন মুকলি কৰি দিবলৈ দাবী জনোৱাৰ লগতে সমবায়সমূহক মৃত্যু মুখৰ পৰা বচাই জনসাধাৰণৰ সেৱা আগবঢ়াই যাবলৈ তেওঁলোকক সুবিধা দিবলৈ চৰকাৰক আহ্বান জনাইছে ৷
অন্যথা আৰ্থিক অনাটনৰ বাবেই সমবায়ে অহা চেপ্তেম্বৰ মাহৰ পৰা খাদ্য সামগ্ৰী যোগান প্ৰক্ৰিয়া বন্ধ ৰাখিবলৈ বাধ্য হ’ব বুলি স্মাৰক পত্ৰখনত উল্লেখ কৰিছে ৷ এই ক্ষেত্ৰত চৰকাৰে কি ব্যৱস্থা লয় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব৷