newsnextone.com | তেজপুৰঃ বৃহস্পতিবাৰে কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ ফলাফল ঘোষণা কৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে৷ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শোণিতপুৰ জিলাৰ ৰক্তিম ভূঞাই প্ৰথম স্থান দখল কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে আন কেইবাগৰাকী ছাত্ৰই প্ৰথম দহটা স্থান দখল কৰিবলৈ সক্ষম হৈছিল৷ 

পুনৰ বৃহস্পতিবাৰে ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলতো শোণিতপুৰ জিলাৰ দুগৰাকী মেধাই জিলিকি উঠে৷ বিজ্ঞান শাখাত তৃতীয় স্থান দখল কৰি শোণিতপুৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় মৃনাল কুমাৰ পৌড়েলে৷ 

আনহাতে তেজপুৰ দৰং মহাবিদ্যালয়ৰ ছাত্ৰী সাক্ষী সিঙে ৪৬২ স্থান লাভ কৰি বাণিজ্য শাখাত চতুথ স্থান লাভ কৰি গৌৰব কঢ়িয়াই আনিবলৈ সক্ষম হয় জিলাখনলৈ। সাক্ষীয়ে ফলাফল লাভ কৰি আনন্দিত হৈ পৰি মনৰ ভাব ব্যক্ত কৰি নিতৌ ভালদৰে পঢ়া-শুনা কৰা বুলি কয়৷ পিতৃ-মাতৃ, শিক্ষকক এই সফলতাৰ বাবে শ্ৰেয় দিয়ে৷ নিতৌ কেইবাঘণ্টা পঢ়িছিল সাক্ষীয়ে৷