বেবেজীয়া পালনাম থানত মুৰ দোৱালে মুখ্যমন্ত্ৰী সোনোৱালে

নগাঁওঃ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যজুৰি তোলপাৰ লাগি থকাৰ সময়তে আজি হঠাতে নগাঁও জিলাৰ বেবেজীয়াত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে একশৰণ ভাগৱতী সমাজ,অসমৰ কেন্দ্ৰীয় কাৰ্যালয় বেবেজীয়া পালনাম থানত উপস্থিত হৈ আইমাতৃ-ভকত-বৈষ্ণৱসকলৰ সন্মুখত আঠু লৈ চৰকাৰখনৰ কাম-কাজ সুচাৰুৰূপে চলাই নিয়াৰ লগতে ৰাজ্যৰ শান্তি কামনাৰে আশীষ গ্ৰহন নকৰে ৷
অসমীয়াৰ অতিকে পবিত্ৰ মাঘৰ সংক্ৰান্তিৰ দিনটোতে এনেদৰে পালনাম থানত সমবেত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ভক্তি ভাবেৰে সুস্থ সমাজ জীৱন গঢ়ি তুলিবলৈ সকলোকে আহ্বান জনাই কয় যে--'গুৰুজনাই অসমীয়া সমাজখন আদৰ্শ সমাজ হিচাপে দাঙি ধৰাত সফল হৈছিল ৷ মানৱীয় গুণ অবিহনে সুস্থ সমাজ গঠন কৰিব নোৱাৰি ৷ মানৱীয় গুণ আয়ত্বৰ বাবে গুৰুজনাৰ কাম-কাজক আমি অনুসৰণ কৰিব লাগিব ৷ আধ্যাত্মিক চেতনাৰে মানৱীয় বাতাবৰণ সৃষ্টিৰ বাবে গুৰুজনাই আমাক আদৰ্শ দি থৈ গৈছে ৷ জীৱনৰ পৰিপক্কতা অৰ্জনৰ বাবে গুৰুজনাৰ কথা ভাবিব লাগিব আৰু গুৰুজনাৰ অমূল্য বাণীবোৰ নৱ প্ৰজন্মই আয়ত্ব কৰিৱ লাগিব ৷'
ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কঠোৰ সাধনা আৰু পৰিশ্ৰমৰ দ্বাৰাহে প্ৰকৃত মানুহ হ’ব পাৰে বুলি উল্লেখ কৰি লগতে কয় যে- মায়াই যাতে সমাজখন ধ্বংস কৰিব নোৱাৰে তাক আমি দৃষ্টি ৰাখিব লাগিব ৷ আজিৰ এই কলি যুগত হৰিনামৰ মাহাত্ম্যৰ জৰিয়তে সমাজৰ উচ্ছৃঙ্খলতা আৰু অসূয়া-অপ্ৰীতি দমন কৰিব পাৰি ৷ ভক্তিত শক্তি আছে,শান্তি আছে ৷ পৰিৱৰ্তন মানে আচলতে সংস্কাৰ ৷ মুঠতে আমি অসমীয়া সমাজত সামাজিক আৰু সাংস্কৃতিক পৰম্পৰা সদায় অটুট ৰাখিব লাগিব সুস্থ সমাজ গঢ়াৰ বাবে ৷' আজিৰ এই কাৰ্যসূচীত মুখ্যমন্ত্ৰী সোনোৱালক সংগ দিয়ে কেন্দ্ৰীয় ৰাজ্যিক ৰে’লমন্ত্ৰী ৰাজেন গোঁহাই আৰু নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ৷ মুখ্যমন্ত্ৰীগৰাকী একশৰণ ভাগৱতী সমাজৰ মুখ্য কাৰ্যালয়ত অতিথি শালাৰ বাবে সৰ্বতো প্ৰকাৰে সহায়-সহযোগ আগবঢ়োৱাৰ কথা ঘোষণা কৰে