
চতিয়াঃ এখন জিলা ঘোষণাৰ দাবীত সকলোৱে হিল-দল ভাঙি ওলাই আহিছিল। ধৰ্ণা, অৱস্থান, বন্ধ আদিৰে চৰকাৰক ব্যতিব্যস্ত কৰি তুলিছিল ৰাইজে।
লঘোণে-ভোকে, পিঠি পোৰা ৰ’দত প্ৰতিবাদ কৰাৰ অন্তত ৰাজ্য চৰকাৰে এদিন জিলা ঘোষণা কৰিবলৈ বাধ্য হৈছিল। অৱশেষত ২০১৫ চনৰ ১৫ আগষ্টত বছৰ বছৰ ধৰি কৰা আন্দোলনৰ অন্তত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বিশ্বনাথ মহকুমাক জিলা হিচাপে ঘোষণা কৰে।
নানা জল্পনা-কল্পনাৰ অন্তত জিলাখন ঘোষণা কৰাৰ পাছতে উৎফুল্লিত হৈ পৰিছিল হাজাৰ হাজাৰ লোক৷ শোণিতপুৰ জিলাৰ তিনিটা মহকুমা চতিয়া, গহপুৰ আৰু বিশ্বনাথ পূৰ্বে শোণিতপুৰ জিলাৰ সৈতে সংপৃক্ত হৈ আছিল৷ শোণিতপুৰ জিলাৰ বিশ্বনাথ মহকুমাৰ চতিয়া এটা বৃহৎ অঞ্চল৷ বিশ্বনাথক জিলা ঘোষণাৰ বাবে কৰা প্ৰতিটো আন্দোলনত চতিয়াৰ সৰ্বপ্ৰকাৰৰ লোক জপিয়াই পৰিছিল৷
প্ৰতিটো আন্দোলনত হিল-দল ভাঙি চতিয়াৰ লোক ওলাই গৈছিল৷ বিশ্বনাথক জিলা ঘোষণাৰ বাবে সকলোৱে একত্ৰিত হৈ প্ৰতিবাদ কৰি জিলা পালে যদিও চতিয়াৰ লোকসকলে আজি আকৌ প্ৰতিবাদ কৰিব লগা হ’ল৷ বছৰ বছৰ ধৰি বিশ্বনাথক জিলা ঘোষণাৰ বাবে কৰা প্ৰতিবাদৰ অন্তত বিশ্বনাথ জিলা হ’ল৷ চতিয়াৰ ৰাইজৰ সম্পূৰ্ণ সহযোগৰ অন্তত জিলা হোৱাৰ পাছত চতিয়াৰ লোকসকলে ভাবিছিল যে চতিয়ালৈ বিভিন্ন বিভাগৰ কাৰ্যালয় আহিব৷
বছৰ বছৰ ধৰি উন্নয়নৰ ফালৰ পৰা পিছ পৰি থকা চতিয়াৰ উন্নয়ন হ’ব বুলি আশা কৰিছিল৷ পিছে চতিয়াৰ ৰাইজে ভবা মতে নহ’ল৷ উন্নয়ন দূৰৰে কথা, এগৰাকী ক্ষমতাশালী মন্ত্ৰীৰ ছত্ৰ-ছায়াত এতিয়া চতিয়াত থকা চৰকাৰী কাৰ্যালয় বিশ্বনাথলৈ স্থানান্তৰিত কৰাৰ ষড়যন্ত্ৰ আৰম্ভ হোৱাহে দেখা গৈছে৷
অভিযোগ অনুসৰি চতিয়াস্থিত উপ-পঞ্জীয়কৰ কাৰ্যালয় বিশ্বনাথলৈ স্থানান্তৰ কৰিবলৈ উঠি পৰি লাগিছে একাংশ লোকে৷ এই খবৰ প্ৰচাৰ হোৱাৰ পাছৰে পৰা ক্ষোভিত হৈ পৰিছে চতিয়াৰ ৰাইজ৷ চতিয়া আঞ্চলিক ছাত্ৰ-সন্থাৰ আহ্বানত আজি পাঁচ শতাধিক লোকে কাৰ্যালয় স্থানান্তৰ কৰাৰ প্ৰতিবাদত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে৷
উপ-পঞ্জীয়কৰ কাৰ্যালয় কোনো কাৰণতে স্থানান্তৰ কৰিবলৈ দিয়া নহ’ব বুলি হুংকাৰ দিয়াৰ পাছতে নদুৱাৰ ৰাজহ চক্ৰ বিষয়া প্ৰতিবাদস্থলীত উপস্থিত হৈ এই এই সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়াত পথ অৱৰোধ কাৰ্যসূচী প্ৰত্যহাৰ কৰে সংগঠনটোৱে।
চতিয়াৰ নাগশংকৰ মৌজাকে ধৰি কেইবাটাও অঞ্চলে বিশ্বনাথ মহকুমাক জিলা ঘোষণাৰ বাবে কৰা আন্দোলনক সমৰ্থন কৰি বিশ্বনাথ জিলা দাবী আন্দোলনত ভাগ লৈছিল। চৰকাৰে বিশ্বনাথ জিলা ঘোষণা কৰাত আনন্দৰ জোৱাৰ উঠিছিল যদিও শেহতীয়াকৈ চতিয়াৰ ৰাইজৰ আনন্দই বিষাদৰ ৰূপ ল’বলৈ আৰম্ভ কৰিছে