
খাৰুপেটীয়াঃ এচ টি এফৰ ছয় জনীয়া দল এটাই শোণিতপুৰ জিলাৰ চামগুৰি বজাৰত অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় এজন চোৰাং চিকাৰীক। এচ টি এফৰ দলটোৱে চোৰাং চিকাৰী আব্দুল কাদিৰক আটক কৰি সোধ পোছ কৰি দৰঙৰ শ্যামপুৰ থানাৰলৈ আনে।
পিছত শ্যামপুৰ আৰক্ষী আৰু বন সুৰক্ষা কৰ্মীৰ সহযোগত এচ টি এফৰ দলটোৱে আব্দুল কাদিৰৰ স্বীকাৰোক্তিৰ ভিত্তিত ব্ৰহ্মপুত্ৰ নদীৰ মাজত থকা হামুৰ চৰত আব্দুল কাদিৰৰ ঘৰত অভিযান চলায়। উক্ত যুটীয়া অভিযান কালত আব্দুল কাদিৰৰ ঘৰত মাটিত পুতি থোৱা অৱস্থাত এটা ৰাইফল আৰু পাঁচ জাই সজীৱ গুলি উদ্ধাৰ কৰে অভিযানকাৰী দলটোৱে।
উল্লেখযোগ্য যে, ধৃত চোৰাংচিকাৰী আব্দুল কাদিৰৰ লগত চোৰাং চিকাৰীৰ এটা দলে ওৰাঙ ৰাষ্ট্ৰীয় উদ্যানত গড় নিধন কাৰ্যত জড়িত আছিল। দীৰ্ঘদিন ধৰি এচ টি এফ আৰু বন সুৰক্ষা বাহিনীয়ে বিচাৰি থকা চোৰাং চিকাৰী জনৰ খৱৰ বিশেষ সুত্ৰে লাভ কৰি শোনিতপুৰৰ চামগুৰি বজাৰত এচ টি এফে অভিযান চলাই আৰু গড় হত্যাত জড়িত থকাৰ অভিযোগত আটক কৰে আব্দুল কাদিৰক৷ বৰ্তমান শ্যামপুৰ আৰক্ষীৰ জিম্বাত থকা চোৰাং চিকাৰী জনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।