
চতিয়াঃ বন্ধুৱে কাল হ’ল এজন যুৱকৰ৷ জীৱনৰ কেইবাটাও বসন্ত একেলগে কটোৱা বন্ধুৱে অৱশেষত হত্যা কৰিলে এজন যুৱকক৷ চতিয়াৰ বালিজুৰিৰ গ’ৰিপামত যোৱা ১৫ জুলাইত সংঘটিত হৈছিল এটি হত্যাকাণ্ড৷
১৫ জুলাইৰ নিশা চাৰিগৰাকী বন্ধুৱে ঘৰৰ বাহিৰলৈ মাতি আনি যুৱ ব্যৱসায়ী নৱজ্যোতিক হত্যা কৰি চতিয়াৰ বালিজুৰিৰ গ’ৰিপামত পেলাই থৈ আহিছিল ৷ ১৬ জুলাইত একাংশ লোকে নৱজ্যোতিৰ মৃতদেহ প্ৰত্যক্ষ কৰি পৰিয়ালক খবৰ দিয়ে।
চতিয়া আৰক্ষীয়ে মৃতদেহ প্ৰত্যক্ষ কৰি পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰি তদন্ত আৰম্ভ কৰে। হত্যাকাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত ইটাখোলাৰ প্ৰণৱ বেনাৰ্জী আৰু হোলাকানৰ দীপক ডেকাক ১৭ জুলাইত আটক কৰে আৰক্ষীয়ে।
আৰক্ষীৰ জেৰাত দীপক ডেকাই হত্যাকাণ্ডৰ লগত আন দুজন যুৱক দিবাকৰ শইকীয়া আৰু পংকজ বৰুৱা জড়িত বুলি স্বীকাৰ কৰে। আৰক্ষীৰ জেৰাত দিবাকৰ আৰু পংকজে দীপক ডেকাই নৱজ্যোতিক হত্যা কৰাত সহযোগ কৰে বুলি স্বীকাৰ কৰে।
হত্যাৰ বলি হোৱা নৱজ্যোতি আৰু ধৃত আটাইকেইগৰাকী অৰুণাচলী সুৰাৰ চোৰাং ব্যৱসায়ৰ লগত জড়িত আছিল। ব্যৱসায়িক সংঘাতৰ বাবে চাৰি বন্ধুৱে পৰিকল্পনা অনুসৰি সিদিনা নৱজ্যোতিক ঘৰৰ বাহিৰলৈ মাতি আনিছিল৷
তাৰ পিছতে হত্যা কৰি চতিয়াৰ বালিজুৰিৰ গ’ৰিপামত মৃতদেহ পেলাই থৈ আহিছিল৷ এই শিহৰণকাৰী হত্যাকাণ্ডৰ মূল অভিযুক্তক চতিয়াৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ বৰুৱাৰ নেতৃত্বত আৰক্ষীয়ে পোহৰলৈ আনিবলৈ সক্ষম হোৱাত ৰাইজে সন্তষ্টি প্ৰকাশ কৰিছে।