
মৰিগাঁওঃ এগৰাকী টেট শিক্ষয়িত্ৰীয়ে কৰ্মৰত বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে ধৰ্মীয় আৱেগ অনুভূতি তথা গো-মাংস খাবলৈ দিয়াৰ অভিযোগ উত্থাপন কৰাৰ পাছতে ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি হয়৷ মৰিগাঁও জিলাৰ লাহৰীঘাটৰ এই ঘটনাই ধৰ্মীয় আৱেগ অনুভূতিত আঘাত হনাৰ সময়তে জিলা প্ৰশাসনে গুৰুত্ব আৰোপ কৰি আৰক্ষী অধীক্ষকক বুধবাৰে তদন্তৰ দায়িত্ব প্ৰদান কৰে৷
মঙলবাৰে মৰিগাঁও জিলাৰ লাহৰীঘাট শিক্ষাখণ্ডৰ অন্তৰ্গত লালিপাৰ বালক প্ৰাথমিক বিদ্যালয়ৰ টেট শিক্ষয়িত্ৰী উষা দাসে প্ৰধান শিক্ষক আৰু সহঃ শিক্ষকৰ বিৰুদ্ধে সংবাদ মাধ্যমৰ জৰিয়তে মানসিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰে। ঘটনা সন্দৰ্ভত পৰৱৰ্তী সময়ত প্ৰধান শিক্ষক আৰু সহঃ শিক্ষকজনৰ বিৰুদ্ধে জাগীৰোড থানাত এজাহাৰো দাখিল কৰিছে ভুক্তভোগী শিক্ষয়িত্ৰীগৰাকীয়ে।
তাৰ পাছতে আজি উপায়ুক্তৰ নিৰ্দেশত আৰক্ষী অধীক্ষক লালিপাৰ বালক প্ৰাথমিক বিদ্যালয়ত উপস্থিত সাক্ষ্য গ্ৰহণ কৰে৷ আনহাতে মৰিগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত অনন্ত গগৈ আৰু লাহৰীঘাট শিক্ষা খণ্ডৰ শিক্ষা বিষয়া হোমেশ্বৰ কেওঁটসহ শিক্ষা বিভাগৰ কেইবাগৰাকী বিষয়াই লালিপাৰ বালক প্ৰাথমিক বিদ্যালয়ত উপস্থিত হৈ ঘটনাৰ তদন্ত কৰে৷ কাইলৈ এই প্ৰতিবেদন ৰাজ্য চৰকাৰক দাখিল কৰিব মৰিগাঁও জিলা প্ৰশাসনে৷
আনহাতে প্ৰধান শিক্ষক নুৰুল ইছলাম আৰু সহঃ শিক্ষক আক্কাছ আলীয়ে শিক্ষয়িত্ৰীগৰাকীৰ অভিযোগক ভিত্তিহীন আখ্যা দিয়ে। উষাৰ অভিযোগক উদ্দেশ্য প্ৰণোদিত বুলি কৈ তেওঁৰ মাতৃয়ে প্ৰধান শিক্ষকগৰাকীৰ ঘৰলৈও ফুৰিবলৈ যোৱা বুলি কয়৷ এই ঘটনাই সাতামপুৰুষীয়া সম্প্ৰীতি নষ্ট কৰিব বুলি কয়৷ লালিপাৰ বালক প্ৰাথমিক বিদ্যালয়ৰ ঘটনা সন্দৰ্ভত কাইলৈ মৈৰাবাৰীত এখন ৰাজহুৱা সভা অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে মৈৰাবাৰীৰ ৰাইজে৷