
newsnextone.com | গোৱালপাৰাঃ যান্ত্ৰিক জীৱনে মানুহৰপৰা মানুহ মৰম-ভালপোৱা কাঢ়ি নিলে নেকি৷ মানুহে ভোগৰ জীৱনত মত্ত হৈ অকণমান কষ্ট কৰি নিজৰ সন্তানক লালন পালন কৰিবলৈ নোৱাৰা হৈছে নে কি৷ জীৱন লাভ কৰাৰ স্বকীয়তাখিনি নাইকিয়া কৰিলে নে কি মানুহে। প্ৰযুক্তিৰ পয়োভৰে মানুহৰ জীৱন উজু কৰিছে থিকেই, কিন্তু মানৱীয়তাৰ কৰ্ষণ ক’ৰবাত নােহোৱা কৰি পেলালে নেকি। সঁচাকৈ মানৱতা হেৰাই গ’ল নেকি সমাজৰ পৰা৷
এনে বহু প্ৰশ্নই উত্থাপন হৈছে অসমত৷ যোৱা কেইবাটাও দিনত সংঘটিত ঘটনাই অসমৰ ৰাইজক এনে কথা সোঁৱৰাই দিছে৷ মঙলবাৰে এখন দলঙৰ তলত বিশেষভাৱে সক্ষম এটি শিশু উদ্ধাৰ হোৱাৰ ঘটনাই এনে কথাকে সোঁৱৰাই দিয়ে৷ এই অমানৱীয় কাণ্ড সংঘটিত হয় গোৱালপাৰা জিলাৰ ধনুভাঙাত৷
ধনুভাঙাত ৰাজপথৰ দাতিত এখন দলঙৰ সমীপত নিশাৰ এন্ধাৰত কোনো লোকে পেলাই থৈ যায় বিশেষভাৱে সক্ষম শিশুটোক। শিশুটোৱে কন্দা-কটা কৰি থকা শুনা পায় একাংশ লোকে দলঙৰ তললৈ গৈ প্ৰত্যক্ষ কৰে এটা শিশু৷ ততাতৈয়াকৈ শিশুটোক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে স্থানীয়ে ৰাইজে৷ তাৰ লগে লগে খবৰ দিয়া হয় আৰক্ষী আৰু চাইল্ড লাইনক৷
প্ৰায় ৭ বছৰ বয়সৰ শিশুটো সন্দৰ্ভত তদন্ত আৰম্ভ কৰে আৰক্ষীয়ে৷ আনহাতে ৰাইজে শিশুটোক পিতৃ-মাতৃয়ে পেলাই থৈ যোৱাৰ সন্দেহ কৰে। পিছত ৰাইজৰ সন্দেহ সঁচা প্ৰমাণিত হয়৷ মহানগৰীৰ ভেটাপাৰাৰ শীলচায় ৰয় আৰু মনো দেৱী নামৰ দম্পতি হালে সন্তানটোক সেই ঠাইত পেলাই থৈ আহে৷ জানিব পাৰ মতে, দিব্যাংগ শিশুটোক পোহপাল দিবলৈ গৈ কষ্ট পাইছিল বাবেই পেলাই থৈ অহাৰ সিদ্ধান্ত লৈছিল দম্পতি হালে৷
তাৰ পিছতে দুধনৈ আৰক্ষীয়ে বশিষ্ঠ আৰক্ষীৰ সহায়ত অভিযান চলাই মহানগৰীৰ ভেটাপাৰাৰ পৰা পিতৃ শীলচায় ৰয় মাতৃ মনো দেৱীক আটক কৰিবলৈ সক্ষম হয়। দেওশিলা নৈৰ দলঙৰ সমীপত উদ্ধাৰ হোৱা শিশুটো বৰ্তমান চাইল্ড লাইনে ৰখা বুলি জানিব পৰা গৈছে।