12
Jul
2017

ডিজিটেল ডেস্কঃ সুদক্ষ চিত্ৰকৰৰ দৰে পেঞ্চিল ধৰি ছবি আঁকিবলৈ পাৰে এটা বিস্ময়কৰ গুবৰুৱাই। তুলিকা বোলাই শিল্পী গুবৰুৱাটোৱে অংকন কৰা কেবাখনো আলোকচিত্ৰ ইণ্টাৰনেটৰ জৰিয়তে নিলামো হৈছে।
আগঠেঙেৰে পেঞ্চিল খামুচি ধৰা গুবৰুৱাটোৰ নাম মেণ্ডি। জাপানৰ মেণ্ডি নামৰ শিক্ষয়িত্ৰীগৰাকীৰ প্ৰশিক্ষণত পাকৈত চিত্ৰকৰ হৈ পৰিছে স্পাইক নামৰ পতংগটো। কিছুদিন পূৰ্বে এডাল পেঞ্চিল পৰি থকা দেখি ঠেঙেৰে বুটলি লৈছিল স্পাইকে।
গুবৰুৱাটোৱে ঠেঙেৰে ছবি অঁকাৰ চেষ্টা কৰা দেখি তেতিয়া হতভম্ব হৈ পৰে মেণ্ডি। সেইসময়ৰ পৰা তেওঁ আৰম্ভ কৰে স্পাইকৰ প্ৰশিক্ষণ।
আধুনিক চিত্ৰকৰৰ দৰে একাধিক প্ৰতীকধৰ্মী ছবি অংকণ কৰা স্পাইক এতিয়া চেলিব্ৰিটী গুবৰুৱা। ইণ্টাৰনেটতত বৰ্তমান উপলব্ধ স্পাইকৰ চিত্ৰাংকণৰ ভিডিঅ’।