
গুৱাহাটীঃ দীৰ্ঘদিন ধৰি ধাৰাবাহিকভাৱে দাবী জনাই অহাৰ পিছতো চৰকাৰে কোনো গুৰুত্ব নিদিয়াত ক্ষোভিত হৈ পৰিছে গৃহৰক্ষী জোৱানসকল৷ অসম গৃহৰক্ষী কল্যাণ সমিতিৰ সভাপতি দ্বীপেন শৰ্মাই মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল অনুষ্ঠিত কৰি ৰাজ্য চৰকাৰৰ সপ্তম দৰমহা আয়োগৰ ভিত্তিত অসম চৰকাৰৰ সকলো বিভাগৰ কৰ্মচাৰীক বৰ্দ্ধিত হাৰত দৰমহা আদায় দিলে যদিও গৃহৰক্ষী জোৱান সকলৰ কথা চৰকাৰে চিন্তা নকৰিলে বুলি আৱেগিক হৈ পৰে৷
এই সকল জোৱানে আৰক্ষী কনিষ্টবল এজনৰ সমানেই নিজৰ কৰ্তব্য পালন কৰিব লগীয়া হয় বুলি কৈ এজন কনিষ্টবলে ৯ মাহৰ প্ৰশিক্ষণত শিকা সকলো কৌশল গৃহৰক্ষী জোৱানে মাত্ৰ ৪২ দিনত আয়ত্ত কৰিব লগা হয় বুলি সংবাদমেলত সদৰী কৰে৷ সভাপতি শৰ্মাই ইয়াৰ পাছতো এই সকল জোৱানক প্ৰতি মাহে মাত্ৰ ৭০০০ টকাকৈ দৰমহা দিয়া হয় বুলি কয়৷ যি সময়ত এজন চৰকাৰী কৰ্মচাৰীৰ অৱসৰগ্ৰহণৰ আগতেই মৃত্যু হ'লে তেওঁৰ পৰিয়ালক আন কৰ্মচাৰীৰ সমানে দৰমহা দিব বুলি ঘোষণা কৰাৰ বিপৰীতে এই জোৱানসকলৰ দৰমহা বঢ়োৱাৰ কথা মুখ্যমন্ত্ৰী বা গৃহমন্ত্ৰীয়ে উল্লেখ নকৰিলে বুলি আক্ষেপ প্ৰকাশ কৰে৷
গৃহৰক্ষী জোৱান সকলৰ বৰ্দ্ধিত হাৰত দৰমহা আদায়ৰ দাবীত ৪ ছেপ্টেম্বৰত দিনৰ ১১ বজাৰ পৰা গুৱাহাটীৰ দীঘলীপুখুৰী পাৰৰ পৰা দিশপুৰলৈ অসম গৃহৰক্ষী কল্যাণ সমিতি ৰাজ্যিক সমিতিৰ আহ্বানত 'দিশপুৰ চলো' কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি ঘোষণা কৰে৷
৪ চেপ্টেম্বৰৰ দিনটো গৃহৰক্ষী জোৱানসকলে কৰ্মবিৰতি ঘোষণা কৰে৷ সংবাদমেল যোগে অসমৰ সকলো গৃহৰক্ষী জোৱানৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে গৃহৰক্ষী কল্যাণ সমিতিৰ সভাপতি দ্বীপেন শৰ্মাই৷ অসম আৰক্ষীৰ জোৱানৰ সমানে গৃহৰক্ষী জোৱানসকলক বৰ্ধিত হাৰত দৰমহাৰ লগতে সকলো চৰকাৰী সা-সুবিধা প্ৰদান কৰা, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ সকলো বিভাগতে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদত গৃহৰক্ষী জোৱানক নিযুক্তি দিয়াৰ দাবী জনায়৷
আনহাতে জিলাসমূহৰ গৃহৰক্ষী অধিনায়কৰ কাৰ্যালয়ৰ দুৰ্নীতিগ্ৰস্ত বিষয়া আৰু কৰ্মচাৰীক বদলি কৰাৰ লগতে কামৰূপ জিলা গৃহৰক্ষী অধিনায়কৰ কাৰ্যালয় পানীখাইটিৰ পৰিৱৰ্তে জোৱান সকলৰ সুবিধাৰ্থে গুৱাহাটীৰ মধ্যভাগত স্থাপন কৰা আৰু মহিলা গৃহৰক্ষী জোৱান সকলক মহিলা আৰক্ষী জোৱানে পোৱা সকলো সা-সুবিধা প্ৰদান কৰাৰ দাবী জনায়৷