
শিৱসাগৰঃ শিৱসাগৰ জিলাতো পালন কৰা হয় অভিৰুচি ক্ৰীড়া দিৱস ৷ শিৱসাগৰ জিলাৰ বেতবাৰীৰ কনচেং যুৱ সংঘই অভিৰুচি ক্ৰীড়া দিৱস পালন কৰে৷
বৰপাত্ৰগোঁহাই গাঁৱৰ কনচেং যুৱ সংঘ আৰু পুথিভঁৰালৰ চৌহদত গছ পুলি ৰোপন কৰাৰ পিছতে নেহৰু যুৱ কেন্দ্ৰই বিশিষ্ট ক্ৰীড়াবিদ সদা গগৈক সম্বৰ্ধনা জনায়। শিৱসাগৰ নেহৰু যুৱ কেন্দ্ৰৰ স্বেচ্ছাসেৱক বন্তি শইকীয়াৰ সহযোগত অনুষ্ঠিত অভিৰুচি ক্ৰীড়া দিৱসৰ এখন সভা অনুষ্ঠিত হয়৷
কনচেং যুৱ সংঘৰ সম্পাদক দ্বীজেন বৰপাত্ৰগোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত সভাত ক্ৰীড়াবিদ সদানন্দ গগৈয়ে খেল সদায় খেলৰ মনোবৃত্তিৰে খেলিলেহে খেলৰ প্ৰকৃত উদেশ্য সফল হয় বুলি কয়। খেলৰ জৰিয়তে খেলুৱৈৰ শাৰীৰিক মানসিক উৎকৰ্ষ সাধন হোৱাৰ লগতে বন্ধুত্ব পূৰ্ণ সম্পৰ্ক গঢ়ি তুলিব পাৰিলেহে ইয়াৰ উদ্দেশ্য সফল হয়।
খেলত সফলতা লাভ কৰিবলৈ সাধনা লাগিব বুলিও কয় গগৈয়ে। অনুষ্ঠানটোত উপস্থিত থাকি শিক্ষক মনেশ্বৰ গগৈয়ে ভাষন প্ৰদান কৰি খেল শিক্ষাৰ এটা অংগ বুলি মন্তব্য কৰে। অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ দৰে খেলৰ জৰিয়তে সমাজলৈ অৱদান আগবঢ়াই যুগমীয়া হব পাৰি বুলি দোহাৰে শিক্ষক গৰাকীয়ে। বন্তি শইকীয়াই উদ্দেশ্য ব্যাখ্যা কৰে৷
অনুষ্ঠানটোত খেলুৱা উন্নয়ন খণ্ডৰ কেইবাটাও যুৱ সংঘক ক্ৰীড়া সামগ্ৰী প্ৰদান কৰা হয়। অনুষ্ঠানত জীতেন বৰপাত্ৰগোঁহাই, প্ৰকাশ চেতিয়া, সাংবাদিক সমুদ্ৰজীত গগৈকে ধৰি ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে৷