04
Sep
2017

কাকপথাৰঃ সমগ্ৰ ৰাজ্যৰ লগতে কাকপথাৰৰ উৱন গাঁৱতো পালন কৰা হয় অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়৷ সদৌ মৰাণ ছাত্ৰ সন্থাৰ কাকপথাৰ আঞ্চলিক সমিতি, তিনিচুকীয়া নেহেৰু যুৱ কেন্দ্ৰ আৰু উৱন গাঁও উদ্ৰেক গোষ্ঠীৰ উদ্যোগত উৱন গাঁৱৰ ৰাজহুৱা খেলপথাৰত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়৷
সমূহীয়া দৌৰ আৰু ছোৱালীৰ হেণ্ডবল প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ পুৱা ৯ বজাত অনুষ্ঠিত সমূহীয়া দৌৰত সদৌ মৰাণ ছাত্ৰ সন্থাৰ কাকপথাৰ আঞ্চলিক সমিতিৰ বিষয়-ববীয়াৰ লগতে উৱন গাঁৱৰ যুৱক-যুৱতী সকলে অংশ লয়৷ সমুহীয়া দৌৰ উদ্বোধন কৰে কাকপথাৰ সেনা চাউনিৰ সেনা বিষয়া চনু নায়াৰে৷
ছোৱালীৰ প্ৰীতি হেণ্ডবল প্ৰতিযোগীতা উদ্বোধন কৰে অসম মৰাণ সভাৰ ভাৰপ্ৰাপ্ত সভাপতি ৰাজীৱ বড়াই৷ উদ্বোধনী খেল খনত অংশ লয় কাকপথাৰ ছোৱালীৰ হেণ্ডবল দল বনাম ডিৰাক ছোৱালীৰ হেণ্ডবল দলে৷