তামুলপুৰঃ অসম তথা উত্তৰ-পূৱ ভাৰতৰ প্ৰথম অৰ্জুন পুৰস্কাৰ বিজয়ী খেলুৱৈ ভোগেশ্বৰ বৰুৱাৰ আজি জন্মদিন৷ ৰাজ্য জুৰি অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ আজি জন্মদিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়৷ ১৯৮৪ চনৰ পৰাই ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো অৰ্থাৎ ৩ ছেপ্তেম্বৰৰ দিনটো সমগ্ৰ ৰাজ্যত অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বাক্সা জিলা তামুলপুৰ মহকুমাৰ অন্তৰ্গত পশ্চিম তামুলপুৰ সূৰ্যোদয় ক্লাৱে আজি অভিৰুচি ক্ৰীড়া দিৱস পালন কৰে। পুৱা পতকা উত্তোলন কৰে গোপেশ্বৰ কলিতাই। স্মৃতি তৰ্পণ কৰে তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থা সাধাৰণ সম্পাদক অনুপ কলিতাই। বৃক্ষ ৰোপণ কৰে পশ্চিম তামুলপুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰমেশ চন্দ্ৰ দাস আৰু কালাকুছি ভিচিডিচিৰ অধ্যক্ষ পৰেশ দাসে৷

সামূহিক দৌৰ উদ্ধোধন কৰে সাংবাদিক ৰজনী বৰ্মনে। ইয়াৰ পিছতে বিভিন্ন খেলধেমালী প্ৰতিযোগিতা অনুষ্ঠিত হয়। সন্ধিয়া ৬ বজাত ক্লাৱৰ ন-পুৰণি সদস্যৰ অন্তৰঙ্গ আলাপ অনুষ্ঠান অনুষ্ঠিত হয়। সোমবাৰে পুৱা ৪ বজাত প্ৰাইজমানি মাৰাথন দৌৰ প্ৰতিযোগিতা উদ্বোধন কৰিব তেতেলীগুড়ি নিম্ন বুনিয়াদী বিদ্যালয়ৰ প্ৰধান শিক্ষক বসন্ত তালুকদাৰে।

পুৱা ৯ বজাত প্ৰয়াত ছাত্ৰ কৰ্মী ৰিংকু মণি ডেকা সোৱৰণি চিত্ৰাংকণ প্ৰতিযোগিতা আৰু আবেলি ক্লাৱৰ সভাপতি গোপেশ্বৰ কলিতাৰ সভাপতিত্বত বঁটা বিতৰণী আৰু খেলুৱৈ সম্বৰ্দ্ধনা সভা অনুষ্ঠিত হ’ব৷ সবাত প্ৰাক্তন খেলুৱৈ আলাউদ্দিন আহমেদ আৰু ৰাজেশ বড়োক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হ’ব।

সভাত উপস্থিত থাকিব পশ্চিম তামুলপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক পতি ৰাম বৰা, পশ্চিম তামুলপুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হেমকান্ত দাস, তেতেলীগুড়ি নিম্ন বুনিয়াদী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কেশৱ চন্দ্ৰ বড়ো আৰু বৰবিলা প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ধৰ্মকান্ত ডেকাই৷