
ৰঙিয়াঃ গনতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকসকল৷ সমাজৰ প্ৰতিনিধিত্ব কৰি সমাজখনক এটা সুষ্ট দিশলৈ পৰিচালিত কৰা সাংবাদিকৰ কাম৷ সমাজৰ যত গুন-দোষ আঙুলিয়াই প্ৰকৃত সাংবাদিকে নিজৰ কৰ্তব্য পালন কৰে৷ কিন্তু কিছুসংখ্যক এই সামাজৰ ব্যক্তিয়েই কৰা দোষবোৰ সাংবাদিক সকলে আঙুলিয়াই দিলে আঙুলি ভাঙি দিয়ে৷ ভুলৰ বিৰুদ্ধে প্ৰতিবাদ কৰি মাত মাতিলেই ৰুদ্ধ কৰি পেলাই কণ্ঠস্বৰ৷
অনুৰূপ ভাবেই জীৱনৰ মোহ এৰিবলৈ বাধ্য হৈ আহিছে পৃথিৱিৰ বহু সত্যনিষ্ঠ সাংবাদিকে৷ জাভেইৰ ভলডেজ, ৰিচাৰ্ড মনলুই কেব্ৰেৰা অথবা এইখন অসমৰে পৰাগ কুমাৰ দাস, এই সকলো সাংবাদিকেই সমাজত ঘটি থকা অন্যায়ৰ বিৰুদ্ধে মাত মাতিছিল বাবেই নিধন হব লগা হৈছিল আততায়ীৰ হাতত৷
অলপতে পুনৰ নিহত হ’ল ভাৰতৰ সত্যনিষ্ঠ এগৰাকী সাংবাদিক গৌৰী লংকেশ৷ কানাড়া সংবাদ জগতৰ জ্যেষ্ঠ সাংবাদিক গৌৰী লংকেশৰ হত্যাৰ পাছতেই হতচকিত হৈ পৰে সংবাদ মাধ্যমৰ সতে জড়িত প্ৰতিজন সৰু বৰ সাংবাদিক৷ দেশজুৰি প্ৰতিবাদ সাব্যস্ত হয় সংবাদকৰ্মীৰ প্ৰতিৰক্ষাৰ হকে৷
জ্যেষ্ঠ সাংবাদিক গৰাকীৰ মৃত্যুত সমগ্ৰ দেশ জুৰি শোকৰ ছাঁ পৰে৷ গৌৰী লংকেশৰ হত্যাত অসমৰ সংবাদকৰ্মী সকলৰ মাজতো শোকৰ ছায়া বিয়পি পৰে৷ ৰাজ্যৰ বিভিন্ন সদল-সংগঠনে সাংবাদিকগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলী নিবেদন কৰে৷
দূৰ্বৃত্তৰ হাতত নিহত বাংগালুৰুৰ জ্যেষ্ঠ সাংবাদিক গৌৰি লংকেশৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে ৰঙিয়া প্ৰেছ ক্লাবেও সোমবাৰে নিশা এক গাম্ভিৰ্য্যপুৰ্ণ অনুষ্ঠানৰ আয়োজন কৰে। ৰঙিয়া গান্ধী মণ্ডপৰ সন্মুখত বিভিন্ন ছাত্ৰ সংগঠনৰ বিষয়ববীয়া সকলৰ উপস্থিতিত মম জ্বলাই সাংবাদিক গৰাকীৰ প্ৰতি শ্ৰদ্ধা জনোৱা হয়। লগতে এখন প্ৰতিবাদী সভাও অনুষ্ঠিত কৰা হয়।