
নগাঁওঃ আজি ৰাজ্যজুৰি শ্ৰী কৃষ্ণৰ জন্মাষ্টমী পালন কৰা হয়৷ ৰাজ্যৰ নামঘৰত নাম প্ৰসঙ্গ কৰি শ্ৰী কৃষ্ণৰ জন্মাষ্টমী পালন কৰা দেখা যায়৷ উজনি-নামণি সকলোতে শিৰীকৃষ্ণৰ বন্দনাত বিভোৰ হৈ পৰে সকলো৷ নলবাৰী, ৰঙিয়া, দৰং, গুৱাহাটী, তেজপুৰ, বটদ্ৰৱা, দেওমৰনৈ আদি ঠাইত উলাহ-মালহেৰে শ্ৰী কৃষ্ণৰ জন্মাষ্টমী পালন কৰা হয়৷
জনসমুদ্ৰত পৰিণত হ’ল নগাঁও জিলাৰ ৰাইদঙীয়াৰ ঐতিহাসিক কৰচুং সত্ৰৰ কলিয়া গোঁসাই থান৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দি থৈ যোৱা সাংস্কৃতিক অৱদান তথা আদৰ্শক সাৰোগত কৰি বৃহত্তৰ ৰাইদঙীয়াৰ কৰচুং সত্ৰবাসী ৰাইজে অসমীয়া কলা-কৃষ্টি-সাহিত্য-সংস্কৃতি প্ৰসাৰৰ উদ্দেশ্যৰে কেইবা দশক আগৰে পৰা পৰম্পৰাগতভাবে পালন কৰি অহা এই জন্মাষ্টমী উৎসৱত সমবেত হোৱা হাজাৰ হাজাৰ ধৰ্মানুৰাগী লোকে থান প্ৰাংগণত উদুলি-মুদুলি পৰিবেশৰ সৃষ্টি কৰে৷
পুৱাৰ ভাগত ধৰ্মধ্বজা উত্তোলনেৰে শ্ৰী কৃষ্ণৰ জন্মাষ্টমী উৎসৱৰ পাতনি মেলাৰ পিছতে খোল, ভোৰতাল, ডবা, নাগাৰা, শংখ আদিৰ মাংগলিক ধ্বনিৰ লগতে উপস্থিত ভক্তৰ মুখেৰে নিগৰি যোৱা হৰিনামৰ অমিয়া সুৰেৰে কৰচুং সত্ৰৰ চৌপাশ মুখৰিত হৈ পৰে৷
ইফালে, বিয়লি ভক্তগণৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু কলিয়া গোঁসাইৰ চতুৰ্ভুজ মূৰ্ত্তিভাগ ভক্তৰ দৰ্শনাৰ্থে ৰভাৰ তলিত আনুসংগিক লোকাচাৰৰ মাজেৰে উলিয়াই দিয়াৰ লগে লগে এই দৃশ্য প্ৰত্যক্ষ কৰা আৰু এটি সেৱা জনোৱাৰ বাবে দুৰ-দুৰণিৰ পৰা অহা অগণন ভক্তই প্ৰচণ্ড ভিৰৰ সৃষ্টি কৰাৰ উপৰি ৰভাতলি চাকি-বন্তি, ধূপ-না,নৈবদ্য আদিৰে ভৰি পৰি এক নান্দনিক পৰিবেশৰ সূচনা কৰে৷
স্মৰ্তব্য যে,অসমৰ মূল চাৰি সত্ৰৰ পিছতেই স্থাপিত কৰচুং সত্ৰৰ প্ৰতিস্থাপক সত্ৰাধিকাৰ প্ৰয়াত কেশচৰণ আতা বুলি ড° মহেশ্বৰ নেওগে 'পবিত্ৰ অসম' ত উল্লেখ কৰিছে যদিও সত্ৰৰ বৰ্তমানৰ অধিকাৰৰ বংশধৰসকলে অন্য মতহে প্ৰকাশ কৰে৷ তেওঁলোকৰ মতে,আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ৰাজত্বৰ কালচোৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নাতি-বোৱাৰী আই কনকলতাৰ লগত বটদ্ৰৱা থান উদ্ধাৰৰ নিমিত্তে দামোদৰ আতা আৰু ছয় কুৰি ভকতৰ সৈতে অহা ভগৱান আতাই এই সত্ৰখনি প্ৰতিষ্ঠা কৰে ৷
তেওঁ আই কনকলতাৰ অনুমতি সাপেক্ষে বটদ্ৰৱা থান উদ্ধাৰৰ পৰৱৰ্তী ক্ষণত নাম-ধৰ্ম প্ৰচাৰৰ হেতু এডোখৰ সুচল ঠাইৰ সন্ধানত আহি ৰাইদঙীয়াৰ ঔগুৰিত উপস্থিত হয় আৰু ইয়াৰ সমীপত সত্ৰখনি প্ৰতিষ্ঠা কৰে ৷সত্ৰত শ্ৰী কৃষ্ণৰ চতুৰ্ভূজ মূৰ্ত্তি স্থাপনেৰে সত্ৰীয়া নিয়ম-নীতি ৰাইজৰ মাজত বিলাই দিয়াৰ পিছৰে পৰা পুৰুষানুক্ৰমে এই কাৰ্য বৰ্তমানলৈকে চলি আহিছে ৷
উল্লেখ্য,কৰচুং সত্ৰ শিল্প-ভাস্কৰ্যত আগবঢ়া ৷কিয়নো সত্ৰখনিত থকা ৰাৱন,কুম্ভকৰ্ণ,অতিকায় আদিৰ আকৰ্ষণীয় মুখা আৰু কাঠত খোদিত কৰা হনুমান,কালী গোঁসাই আদিৰ মূৰ্ত্তিয়ে তাক স্পষ্টকৈ প্ৰতিফলিত কৰে ৷প্ৰকাশ যে,সত্ৰখনিত থকা কলীয়া গোঁসাইৰ চতুৰ্ভূজ মূৰ্ত্তিৰ লগতে বংশী গোপালৰ মূৰ্ত্তিয়ে আজিৰ তাৰিখটো ভক্তক আকৰ্ষণ কৰি আহিছে ৷
কাজেই,পুৰণি কলা-কৃষ্টি-সাহিত্য-সংস্কৃতিৰ ঐতিহ্যৰে ভৰা এই সত্ৰখনি কালক্ৰমত কলীয়া গোঁসাই থান নামেৰে ৰাইজৰ মাজত জনপ্ৰিয় হৈ পৰাৰ লগতে ইয়াৰ দৰ্শনৰ বাবে বিভিন্ন ঠাইৰ পৰা দৰ্শনাৰ্থীৰ আগমন ঘটে ৷তদনুযায়ী প্ৰতি বছৰে ব্যাপক প্ৰস্তুতিৰে ওলহ-মালহেৰে আয়োজিত শ্ৰী কৃষ্ণৰ জন্মাষ্টমী উৎসৱলৈ এভাগ নৈবদ্য বা এগছি চাকি-বন্তি আগবঢ়োৱাৰ বাবে ঢাপলি মেলে হাজাৰ-বিজাৰ ভক্তপ্ৰাণ ৰাইজ আৰু সত্ৰখনি পৰিণত কৰি তোলে এক সম্প্ৰীতিৰ মিলন তীৰ্থত ৷
কিন্তু অতি পৰিতাপৰ কথা যে,কিংবদন্তী আৰু পুৰণি ঐতিহ্যৰে ভৰা কৰচুং সত্ৰ আৰু কলীয়া গোঁসাই থান উপযুক্ত আঁচনি ৰূপায়নেৰে পৰ্যটকৰ আকৰ্ষণীয় থলী হিচাপে গঢ়ি তুলিব পৰা যায় যদিও লক্ষণীয়ভাৱে আজিকোপতি সেয়া হৈ উঠা নাই চৰকাৰৰ চৰম হেমাহি আৰু অৱহেলাৰ বাবেই৷