06
Nov
2018

বিলাসীপাৰাঃ ধুবুৰী জিলাৰ বিলাসীপাৰাত শ্ৰীকৃষ্ণৰ ৬০ তম ৰাস উদযাপনৰ প্ৰস্তুতি অতি ধুম ধামেৰে চলিছে। ৰাস মহোৎসৱ কমিটিৰ সম্পাদক শ্ৰীযুত অশোক দাসে ধাৰ্য কৰা মতে যোৱা কালি বিলাসীপাৰা চহৰৰ আই এন এ খেল পথাৰত স্থাপন কৰা হ’ল লাই খুটা। উক্ত কাৰ্যসুচীত বিলাসীপাৰা পূৱ সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহীয়ে উপস্থিত থাকি ৰাস মহোৎসৱৰ লাই খুটা স্থাপন কৰে।