আজাৰাঃ পলাশবাৰীৰ উপৰহালী চকত আজি সন্ধিয়া ঐক্য সেনা, অসমৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ লগতে ছাত্ৰ ঐক্য সেনা অসম কেন্দ্ৰীয় সমিতিৰ উদ্যোক্তা প্ৰয়াত সাংবাদিক ৰাধিকা মোহন ভাগৱতীৰ মৃত্যুত শোক প্ৰকাশ কৰি এটি শ্ৰদ্বাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়।

ছাত্ৰ ঐক্য সেনা অসমৰ কেন্দ্ৰীয় সম্পাদক বিপ্লৱ কুমাৰ তালুকদাৰে আঁত ধৰা গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী কমল চন্দ্ৰ মেধীয়ে অংশ গ্ৰহণ কৰি প্ৰয়াত সাংবাদিকগৰাকীৰ ভাষণ প্ৰদান কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

অনুষ্ঠানত ঐক্য সেনা অসমৰ সভাপতি সঞ্জীৱ মহন্ত, সাধাৰণ সম্পাদক শ্বহীদুল ইছলাম, মুখপাত্ৰ কমল কুমাৰ, সম্পাদক অৰূপ দাস, ছাত্ৰ ঐক্য সেনা অসমৰ সভাপতি আচিফ জাহান হক, দক্ষিণ কামৰূপ জিলা সমিতিৰ সভাপতি সিদ্ধাৰ্থ তালুকদাৰ, উপ-সভাপতি অৰূপ ঠাকুৰীয়াৰ লগতে অঞ্চলটোৰ ৰাইজ উপস্থিত থাকি শোক প্ৰকাশ কৰি তেখেতৰ আত্মাৰ চিৰশান্তিৰ বাবে ১ মিনিট মৌনব্ৰত কৰি শ্ৰদ্ধাঞ্জলী জনায়।